অসম

সোণাৰিত অচিনাক্ত মৃতদেহ উদ্ধাৰ

সোণাৰিৰ পৰা মিতুপৰ্ণ গগৈ, প্ৰথম খবৰ: চৰাইদেউ জিলাৰ সোণাৰিৰ সমীপৱৰ্তী অসম অৰুণাচল সীমান্তৰ কানুবাৰী চাহ বাগিচাত আজি দুপৰীয়া এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাত অঞ্চলটোত চাঞ্চল্য সৃষ্টি হৈছে।

প্ৰায় ৪০বছৰীয়া ব্যক্তি গৰাকীৰ মৃতদেহটোৰ মুখ আৰু ডিঙিত আঘাটৰ চিন স্পষ্ট ৰূপত থকালৈ লক্ষ্য কৰি হত্যাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে।

বাগিচা খনত কৰ্মৰত চকিদাৰে অচিনাক্ত মৃতদেহ প্ৰত্যক্ষ কৰাৰ পাছতেই স্থানীয় আৰক্ষীক অৱগত কৰে বাগিচাৰ লোকে। ইতিমধ্যে ঘটনাস্থলীত সাপেখাতী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিছে ।

Related Articles

Leave a Reply

Close