Home / অসম / চামগুৰিৰ খাটোৱালত ৰহস্যজনক অৱস্থাত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ

চামগুৰিৰ খাটোৱালত ৰহস্যজনক অৱস্থাত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, ৰূপহীহাট: নগাঁও জিলাৰ ৰূপহীহাট-চামগুৰিৰ অন্তৰ্গত খাটোৱাল অাৰক্ষী চকীৰ অধীনস্থ গেৰুৱাআটিৰ পথাৰত অৰ্ধগলিত অৱস্থাত যুৱতীৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ উদ্ধাৰ হোৱা মৃতদেহটো ইয়াচমিনা খাতুন নামৰ যুৱতীৰ বুলি চিনাক্ত কৰা হয়৷

ছদিন পূৰ্বে অন্তৰ্ধান হৈছিল যুৱতী গৰাকী। শনিবাৰৰ পৰা সন্ধানহীন হৈ থকা অন্তঃসত্বা যুৱতীগৰাকীক নজৰুল নামৰ যুৱকে পূৰ্বে ধৰ্ষণ কৰিছিল বুলি জানিব পৰা গৈছে ৷ অভিযুক্ত নজৰুল নামৰ এজন যুৱকজনেই হত্যা কৰাৰ অভিযোগ উঠিছে ৷ উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পাছতো খাটোৱাল আৰক্ষীয়ে সম্পূৰ্ণ নিৰ্লিপ্ত ভূমিকা লোৱাৰ অভিযোগ উঠিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*