Home / অসম / বৰ্ণিল সংগীতৰ যাত্ৰাৰ মাজেদি অতিক্ৰম কৰা অসমৰ প্ৰতিভাৱান যুৱক অঞ্জনৰ জন্মদিনৰ শুভকামনা

বৰ্ণিল সংগীতৰ যাত্ৰাৰ মাজেদি অতিক্ৰম কৰা অসমৰ প্ৰতিভাৱান যুৱক অঞ্জনৰ জন্মদিনৰ শুভকামনা

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: মিউজিকক নিচা হিচাপে লোৱা অসমৰ যুৱক অঞ্জনে নিজৰ কেৰিয়াৰ গঢ়িবলৈ সক্ষম হৈছিল আজিৰ পৰা প্ৰায় ৫ বছৰ আগতে। চাউণ্ড ইঞ্জিনিয়াৰ শিক্ষাৰ ডিগ্ৰী লৈয়েই মিউজিকত পোখা মেলিছিল মুম্বাই চহৰত।

এক বৰ্ণিল জীৱন পৰিক্ৰমা। মিউজিকক নিচা হিচাপে লোৱা অঞ্জনে অসমৰ কেইবাগৰাকীয়ো জনপ্ৰিয় গায়কৰ সৈতে বাদ্য সংগত কৰিছিল। তাৰ পিছতেই মিউজিকৰ মাজত সোমাই পৰা অঞ্জনে মুম্বাই চহৰত গৈ মিউজিকক নিচা হিচাপে লৈ নিজৰ কৰ্মক পেচাদাৰী কৰি এতিয়া এজন বেষ্ট গীটাৰিষ্ট হিচাপে নিজকে ধৰা দিছে।

অসম তথা ভাৰতবৰ্ষৰ লগতে প্ৰায় ৮ খন দেশত তেওঁ সংগীতৰ জয়যাত্ৰা অটুট ৰাখিবলৈ সক্ষম হয়। এইগৰাকী জনপ্ৰিয় গিটাৰিষ্টে নিজকে কেতিয়াও সংবাদ মাধ্যমৰ লগতে নিজৰ প্ৰচাৰ হোৱাটো নিবিচাৰে, অৰ্থাৎ সস্তীয়া জনপ্ৰিয়তাৰ প্ৰতি আঁতৰত থাকি নিজৰ কৰ্মকে মূল লক্ষ্য হিচাপে লোৱা অঞ্জনৰ পৱিত্ৰ ওপজা দিনত অলেখ শুভেচ্ছা জনাইছো।

তেওঁৰ বৰ্ণিল মিউজিক ক্ষেত্ৰখনত তেওঁ যাতে আগুৱাই গৈ সফলতাৰ শীৰ্ষ স্থান দখল কৰিব পাৰে আমি তাকেই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনালো। জন্মদিনৰ এই বিশেষ দিনটোত প্ৰথম খবৰৰ পৰিয়ালৰ তৰফৰ পৰা অলেখ শুভকামনা জ্ঞাপন কৰিলো অঞ্জনলৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*