শেহতীয়া
Home / বিনোদন / অসম সন্তান মানস চৌধুৰী

অসম সন্তান মানস চৌধুৰী

সাক্ষাৎগ্ৰহণঃ অনামিকা নাথ

সপোনৰ ৰঙীন আকাশখনে কঢ়িয়াই আনে

দিঠকৰ ৰহস্য

কোনে কয় সপোন নহয় বাস্তৱ। সফলতাৰ মৌ বনেহে বুজি পায় সপোনৰ যুঁজ।

আৰু সফল সেইজন হয় যিজন হয়

সপোনৰ গোপন প্ৰতিদন্দ্বী

সপোনৰ দলিচাত খোজ দিয়ে পৃথিৱীৰ প্ৰত্যেকটি সন্তানেই। কিন্তু কিমানজন সফল হয়? এয়া বিধাতাৰ লিখনি নে ভাগ্য নে আত্মদন্দ্বীতাই হয় সফল জীৱনৰ সফল কাহিনী। সঁচাকৈ অনুপম জীৱনৰ পম খেদি এই মানৱ জাতীটোৱে যে, ইমান কি ত্যাগ কৰিবলগীয়া হয় আৰু তাতকৈয়ে ডাঙৰ কথা আশা আৰু আত্মবিশ্বাস।

জ্যেষ্ঠজনে কৈছিল, পৃথিৱীলৈ তুমি কোনটো খ্যাত পৰিয়ালৰ জৰিয়তে আহিছা সেইটো ডাঙৰ কথা নহয়, ডাঙৰ কথা তুমি নিজেই কিমান খ্যাত হ’ব পাৰা? পৃথিৱীলৈ যিদিনা তুমি আহিছিলা, সকলোৱে আনন্দত হাঁহিছিল…..। কিন্তু তুমি যিদিনা পৃথিৱী এৰি যাবা এনে কাম কৰি যাবা যাতে বিশ্বব্ৰহ্মাণ্ডই তোমাৰ শোকত চকুপানী টুকে। আৰু সেইদিনাই বুজি পাবা তুমি কি…. তোমাৰ সফলতা কি? আৰু এনে এক সফলতাৰ কাহিনীৰে আমি আপোনালোকলৈ লৈ আহিছোঁ অসমৰ এজন সুযোগ্য সন্তান বেচ গীতাৰিষ্টৰ আপ্ৰাণ চেষ্টা আৰু সপোনৰ যুঁজত নিজৰ অস্তিত্ব সবৰ কৰি বৰ্তমানৰ গৌৰৱোজ্জ্বল জীৱনৰ সাফল্যৰ আঁৰত থকা সকলো কথা।

সিদিনা আমি তেওঁৰ পৰা কিছু সময় লৈছিলো এই যাত্ৰাৰ বিষয়ে জানিবলৈ। এজন প্ৰতিষ্ঠিত বেচ গীতাৰিষ্ট যদিও কোনো দিদ্ধাবোধ নকৰাকৈয়ে আমাক দিছিল তেওঁৰ বিনামূলীয়া সময়। আৰু এইগৰাকী চিনাকী শিল্পী হৈছে কাহিলীপাৰা নিবাসী অসম সন্তান বিশ্বপ্ৰতিষ্ঠিত বেচ গীতাৰিষ্ট বৰ্তমান মুম্বাইৰ বাসিন্দা মানস চৌধুৰী।

সহজ-সৰল আৰু সৎ স্বভাৱৰ ব্যক্তি হোৱাৰ লগতে মানস চৌধুৰী হৈছে বেচ ফেশ্বনেবুল, সংগীত জগতৰ প্ৰতি তেওঁৰ সৰুৰে পৰাই ৰাপ। মাতৃ আছিল এগৰাকী ভজন গায়িকা। গীত-মাত, সুৰ-বাদ্যযন্ত্ৰৰ প্ৰতি থকা গোপন আকৰ্ষণেই তেওঁক তানি আনিছিল মিউজিকৰ মায়া নগৰীলৈ। অন্তৰত আছিল বিশ্বাস, দৃঢ়তা আৰু লগত আছিল পৰিয়াল আৰু গুৰুৰ আশীৰ্বাদ। বিভিন্ন বাদ্যযন্ত্ৰ বজোৱাৰ লগতে এজন ভাল গীতাৰিষ্ট হোৱাৰ সপোন পুঁহি ৰাখিছিল স্কুলীয়া দিনৰ পৰাই। পিঠিত এখন গীতাৰ লৈ মহানগৰীৰ বিভিন্ন অনুষ্ঠানত সংগত কৰিছিল। সপোনৰ পৰি পৰিধি নাই। একেবাৰে আকাশ চোৱাৰ হেঁপাহেৰে সপোন-দিঠকৰ মানসেৰে ২০০৬চনত মানস চৌধুৰীলৈ ঢাপলি মেলিছিল জনবহুল চহৰ মুম্বাইৰ দিশত। আৰু এই যাত্ৰাত তেওঁৰ কেৱল লগৰীয়া আছিল গীতাৰখন। লাহে লাহে আৰম্ভ কৰিছে জীৱনৰ নৱযাত্ৰাৰ। সৰু-বৰ বেণ্ডৰ লগতে ঠায়ে ঠায়ে নিজৰ গীতাৰ শক্তিয়ে মন্ত্ৰ-মুগ্ধ কৰিলে বলিউডৰ খ্যাত প্ৰতিষ্ঠিত গায়ক-গায়িকা, সংগীত-শিল্পীক।

জনপ্ৰিয় হৈ পৰিল মায়ানগৰীত আৰু পৰিণতি হিচাপে আশা ভোসলে আৰু হৰিহৰণৰ পৰা শ্ৰেয়া ঘোষালৰ সংগীত মঞ্চত সংগত কৰিলে অসম সন্তান মানস চৌধুৰীয়ে। মুম্বাই চহৰ আৰু সপোনৰ যুঁজে তেওঁক জীৱনৰ অৰ্থ ভালদৰে বুজাইছিল। সংঘাতৰ সন্মুখীন হৈও নিৰাশাক প্ৰশ্ৰয় দিয়া নাছিল। প্ৰকৃত অৰ্থত তেওঁ আছিল এজন যুঁজাৰু। মায়ানগৰীত থাকিও অসমৰ থলুৱা খাদ্য ৰন্ধন প্ৰকৰণৰ প্ৰতি মানস চৌধুৰীৰ আছিল এক দুৰ্বলতা। দাইল-আলু পিটিকা মানস চৌধুৰীৰ আজিও প্ৰিয়। তেওঁৰ ভাষাত পৃথিৱী ভ্ৰমণ কৰিলেও তেওঁৰ আছে অসমীয়া তেজ। তেওঁৰ অসমৰ প্ৰতি আছে অসম্ভৱ মোহ।

এজন সফল ব্যক্তি হৈও তেওঁৰ বাবে সফলতাৰ সংজ্ঞা অন্যতম। ‘জীৱনত হাঁহি থাকিব পৰা ব্যক্তিজনেই সফল ব্যক্তি’ অসমৰ বৰ্তমান পৰিস্থিতি আৰু বানাক্ৰান্তসকলৰ প্ৰতিও দুখ প্ৰকাশ কৰে। ‘Musician as a Profession in Assam’ সন্দৰ্ভত তেওঁ আমাক ক’লে যে, অসমৰ সকলো সন্তানে প্ৰতিভাসম্পন্ন। মাথোঁ সপোন পুৰণৰ বাবে দৰকাৰ উচিত মঞ্চৰ। মানস চৌধুৰীয়ে বজোৱা আন এবিধ বাদ্য হ’ল ‘Didgeridoo’ ই হৈছে অষ্ট্ৰেলিয়াত প্ৰচলিত বাঁহী সদৃশ এক বাদ্যযন্ত্ৰ।

মানস চৌধুৰী অসমৰ গৌৰৱ। নৱপ্ৰজন্মৰ বাবে তেওঁ এক আদৰ্শস্বৰূপ। আৰু সকলো সময়তে সংগীতৰ ক্ষেত্ৰত অসমৰ সন্তানক সহাই কৰাত তেওঁ চিৰসাঁজু। তেওঁক ‘প্ৰথম খবৰ’ৰ তৰফৰ পৰা দীৰ্ঘায়ু আৰু উন্নতি কামনা কৰিলোঁ। সফলতাৰ পৃথিৱীত যেন তেওঁ হৈ ৰওঁক উজ্জ্বল নক্ষত্ৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*