Home / অসম / ভূপেন হাজৰিকাৰ নামত অসমৰ বাহিৰত কিয় স্থাপন নহয় অনুষ্ঠান: পৰেশ বৰুৱা

ভূপেন হাজৰিকাৰ নামত অসমৰ বাহিৰত কিয় স্থাপন নহয় অনুষ্ঠান: পৰেশ বৰুৱা

সুধাকণ্ঠৰ জন্মদিনত ‘প্ৰথম খবৰ’ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত প্ৰশ্ন তুলিলে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই

নিউজ ডেস্ক, প্ৰথম খবৰ: ‘প্ৰথম খবৰ’ৰ সম্পাদক ৰুবুল দাসৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত কেইবাটাও গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই মন্তব্য তথা প্ৰশ্ন উত্থাপন কৰে।

পৰেশ বৰুৱাই সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ নামত মহাবিদ্যালয় তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান প্ৰসংগত মত ব্যক্ত কৰে। লগতে কয় যে, অসমত যদি বহিৰাগত দীনদয়াল উপাধ্যায়ৰ নামত কলেজ স্থাপনৰ বাবে উদ্যোগ লোৱা হয় তেন্তে অসমৰ বাহিৰত কিয় ভূপেন হাজৰিকাৰ নামত অনুষ্ঠান হ’ব নোৱাৰিব? বৰ্তমান অসমত দীনদয়ালৰ সম্পৰ্কীয় বিতৰ্ক চলি থকাৰ সময়তে পৰেশ বৰুৱাৰ এই মন্তব্য তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। তেওঁ অসমত দীনদয়াল উপাধ্যায়ৰ নামত কলেজ স্থাপন হোৱাৰো তীব্ৰ বিৰোধিতা কৰে।

অসমত দীনদয়ালৰ নামত স্থাপন হোৱা কলেজ আৰু অনুষ্ঠানৰ নাম শীঘ্ৰে সলনি কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে। অন্যথা পৰিণাম বিষম হোৱাৰো হুংকাৰ দিয়ে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও কংগ্ৰেছৰ আমোলত স্বজন তোষণৰ বাবে গান্ধী পৰিয়ালৰ বিভিন্নজনৰ নামত কলেজ স্থাপন কৰা হৈছিল। গান্ধী-নেহৰু পৰিয়ালৰ নামত স্থাপন হোৱা ৰাজহুৱা প্ৰতিষ্ঠানৰো বিৰোধিতা কৰি আলফাৰ মুখ্য সেনাধ্যক্ষজনে কয়, যদিহে দীনদয়ালৰ নামত স্থাপন হোৱা কলেজ আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ নাম সলনি কৰিব লাগে তেন্তে গান্ধী পৰিয়ালৰ নামত স্বজন-তোষণেৰে প্ৰতিষ্ঠা কৰা নামসমূহো সলনি কৰিব লাগিব।

আলফাৰ মুখ্য সেনাধ্যক্ষজনে নাম সলনি কৰাৰ বাবে ছমাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়ে। ছমাহৰ ভিতৰত যদি নাম সলনি নকৰিলে তাৰ বিৰুদ্ধে কাৰ্যসূচী আৰম্ভ কৰিব বুলি সশস্ত্ৰ বিপ্লৱী সংগঠনটোৱে হুংকাৰ দিয়ে।

তাৎপৰ্যপূৰ্ণভাৱে আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই প্ৰশ্ন কৰে যে, অসমত দীনদয়াল, গান্ধী পৰিয়ালৰ নামত অনুষ্ঠান-প্ৰতিষ্ঠান স্থাপন কৰা হয় তেন্তে অসমৰ বাহিৰত কিয় সুধাকণ্ঠৰ নামত বিদ্যালয় তথা মহাবিদ্যালয় স্থাপন কৰা নহয়?

অসমৰ বাবে অলপো অৰিহণা নথকা বহিৰাগত দীনদয়ালৰ নামত অসমত কলেজ স্থাপন হোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি বৰুৱাই কয় যে, মাইলছ ব্ৰনছন বা পি আৰ গৰ্ডনৰ নামত কলেজ স্থাপন হ’লে আলফাৰ ক’বলগীয়া একো নাই। কিয়নো অসমত অসমীয়া ভাষা ঠন ধৰি উঠাৰ ক্ষেত্ৰত মাইলছ ব্ৰনছনৰ দৰে ব্যক্তিৰ অৰিহণা উল্লেখনীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*