শেহতীয়া
Home / ঈশWAR / ঈশWAR: অসহনশীল হৈ পৰিছোঁ নেকি আমি?

ঈশWAR: অসহনশীল হৈ পৰিছোঁ নেকি আমি?

ফেচবুক, টুইটাৰৰ দৰে সামাজিক গণমাধ্যমসমূহ সহজলভ্য হৈ পৰাৰ সমান্তৰালভাৱে সমাজত অসহনশীলতাও বৃদ্ধি পাইছে নেকি? আমি ইতিমধ্যে প্ৰশ্ন কৰিছোঁ স্মাৰ্টফোনৰ লগে লগে ইণ্টাৰনেট সেৱাৰ সহজলভ্যতাই ছ’চিয়েল নেটৱৰ্কিং ছাইটসমূহক ছ’চিয়েল ডিফেমেচন ছাইটলৈ পৰ্যবসিত কৰিছে নেকি?

শেহতীয়াভাৱে ছ’চিয়েল নেটৱৰ্কিং ছাইটসমূহত চৰিত্ৰহননৰ ঘটনা যঠেষ্ট পৰিমাণে বৃদ্ধি পাইছে। যিকোনো কথা ছ’চিয়েল মিডিয়ালৈ আহিছে। চৰ্চা হৈছে, সমালোচনা হৈছে। যাকে ইচ্ছা তাকে ছ’চিয়েল মিডিয়াত উদঙাই দিব পাৰি, আক্ৰমণ কৰিব পাৰি। বিশ্বৰ অন্য প্ৰান্তৰ কথা বাদ দিয়ক, অসমতো ইটোৰ পিছত সিটো ৰিভেঞ্জ পৰ্ণৰ ঘটনা সংঘটিত হৈছে।

’চিয়েল মিডিয়াত ধৰ্মীয় অনুভূতিক লৈও খেলা কৰা দেখা গৈছে। ধৰ্মীয় অনুভূতিত আঘাত হানিব পৰা বহু প’ষ্ট বৰ্তমান ভাইৰেল। এই প’ষ্টবোৰ দিওতে কোনেও যেন কাৰো আবেগ অনুভূতিলৈ কেৰেপ নকৰে। কিবা এটা বিতৰ্ক কৰিবলৈ মন হৈছে, ছ’চিয়েল মিডিয়াত কৈ দিলেই হ’ল।

ধৰ্মীয় অনুভূতিত আঘাত হানিব পৰা কথা ইমান বেছিকৈ কিয় বৃদ্ধি হৈছে? ইয়াৰ আঁৰত কোন আছে? ফিফটিন-মিনিট ফেম বা কেইমূহূৰ্তমানৰ বাবে হিৰো হ’বলৈ, চৰ্চাত থকাৰ বাসনাৰেই এনেবোৰ কথা আলোচনা হৈছে নেকি? নে ইয়াৰ আঁৰত গভীৰ ষড়যন্ত্ৰ আছে?

আমি ব্যক্তিগতভাৱে কোন ধৰ্মৰ বিশ্বাসী বা ধৰ্মবিশ্বাসী হয় নে নহয় সেয়া বিশেষ গুৰুত্বপূৰ্ণ নহয়। কিন্তু ৰাজহুৱাকৈ কৰা এনে মন্তব্যই সমাজ ব্যৱস্থাৰ ক্ষতি কৰিব পাৰে। ক্ষতি কৰিছেও। এই সমগ্ৰ বিষয়ক লৈ আলোচনাৰ অৱকাশ আছে। প্ৰথম খবৰৰ পৰা আমি আপোনাৰো মন্তব্য বিচাৰিছোঁ। ধৰ্মীয় অনুভূতিত আঘাতেৰে আমি অধঃপতিত হৈছোঁ নেকি? পাৰস্পৰিক সৌহাৰ্দ্য আমাৰ বাবে কেইদিনমান পিছতে মধুৰ স্মৃতিহে হ’বগৈ নেকি? আহক, আপুনিও মুকলি মনেৰে জনাওক আপোনাৰ মতামত।

Leave a Reply

Your email address will not be published. Required fields are marked *

*