অসম

জাঁজী হাঁহচৰাত নৈশ বাচ আৰু ট্রাকৰ সংঘৰ্ষ

জাঁজীৰ পৰা ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য্য, প্ৰথম খবৰ: যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত জাঁজী হাঁহচৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা নৈশ বাচ আৰু ট্রাকৰ মাজত হোৱা এক সংঘৰ্ষত ২ জন লোক আহত হয়। প্ৰাপ্ত বাতৰি অনুসৰি নিশা প্ৰায় ১২ বজাত গুৱাহাটীৰ পৰা নাগালেণ্ড অভিমুখে অহা AS-01-DD-9395 নম্বৰৰ যাত্ৰীবাহী নৈশ বাচ খনক জাঁজী হাঁহচৰাৰ সমীপত একে দিশৰ পৰা অহা AS-23-AC-0666 নম্বৰৰ মালবাহী ট্ৰাকখনে পাছ ফালে খুন্দা মাৰে। ফলত ট্ৰাকখনৰ হেণ্ডিমেনজন ট্রাকৰ চেপাত আৱদ্ধ হৈ পৰে আৰু গুৰুতৰভাৱে আহত হয়। আনহাতে বাচখনৰ হেণ্ডিমেনজনো এই ঘটনাত কিছু পৰিমানে আহত হয়।

Related Articles

Leave a Reply

Close