অসম
কাকপথাৰত আৰমী পোকৰ আতংক: প্ৰত্যাহ্বান জনাই জাকে জাকে ওলাই আহিল কৃষক

ডিৰাকৰ পৰা সত্যজিত চেতিয়া, প্ৰথম খবৰ: সমগ্ৰ অসমত শুৰ পোকৰ আতংকত কৃষি ভূমি অনিষ্ঠ কৰি তুলিছে । ব্যতিক্ৰম নহয় উজনি অসমৰ তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ প্ৰায় দহ হাজাৰ বিঘা কৃষি ভূমি শুৰ পোকে অনিষ্ঠ কৰিছে।
এই শুৰ পোকে দৈনিক এশ বিঘাৰো অধিক কৃষি ভূমি অনিষ্ঠ কৰে । এই পোকৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে ধমীয় নিতী পালন কৰা লগতে আজি সমূহীয়াভাবে স্প্ৰে কৰি কৃষি ভূমি উদ্ধাৰৰ চেষ্টা কৰিছে। কৃষি ভূমিৰ পৰিমাণে পৰ্যন্ত ঔষধ কৃষি বিভাগে যোগান নধৰাত ক্ষোভিত হৈ পৰিছে কৃষকসকল। ইফালে, কৃষকে প্ৰয়োগ কৰা কীটনাশক ঔষধে চৰাই -চিৰিকটিলৈ ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে।