Home / অসম / কলগাছিয়াত কৃষক মুক্তিৰ ৰাজপথত টায়াৰ জ্বলাই পথ অৱৰোধ

কলগাছিয়াত কৃষক মুক্তিৰ ৰাজপথত টায়াৰ জ্বলাই পথ অৱৰোধ

প্ৰথম খবৰ, কলগাছিয়া: কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত কলগাছিয়া মহকুমা  কে এম এচ এচ কলগাছিয়া সৰভোগ পথ অৱৰোধ কৰি টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অসমত ভূমিত আৰ এচ এচ এ মুক্তভাৱে অস্ত্ৰৰ প্ৰশিক্ষণ দিয়াৰ সময়ত নিমাত হৈ থকা অসম চৰকাৰে কেৱল অস্ত্ৰ হাতত তুলি লোৱাৰ কথা কোৱা অখিল গগৈ গ্ৰেপ্তাৰ কৰা বিষয়টোক গৰিহনা তথা ধিক্কাৰ দিয়ে প্ৰতিবাদকাৰীয়ে।

প্ৰতিবাদকাৰীয়ে অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক, অসম চৰকাৰ মুৰ্দাবাদ,সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ,অসম আৰক্ষী হায় হায়, আৰ এচ এচৰ গুণ্ডাগিৰি নচলিব আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। কৃষক নেতাগৰাকীক বিনাচৰ্তে মুক্তি কৰি নিদিলে জংগী আন্দোলনৰ ভাবুকি প্ৰদান কৰে কে এম এচ এচৰ নেতৃত্বই।

Leave a Reply

Your email address will not be published. Required fields are marked *

*