অসম

কামপুৰত প্ৰধানমন্ত্ৰী কুশল বিকাশ যোজনাৰ প্ৰশিক্ষণ কেন্দ্ৰত উত্তেজনা

কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞা, প্ৰথম খবৰ: কামপুৰত প্ৰধানমন্ত্ৰী কুশল বিকাশ যোজনাৰ প্ৰশিক্ষণ কেন্দ্ৰত উত্তেজনা । কেন্দ্ৰটোত প্ৰশিক্ষণ লোৱা শিপিনীসকলক ঋণ দিয়াৰ নামত ধন সংগ্ৰহ কেন্দ্ৰটোৰ তত্বাবধায়জনৰ। যাৰ বাবে কেন্দ্ৰটোৰ চৌহদত শিপিনীসকলে এক উত্তেজনাময় পৰিৱেশ সৃষ্টি কৰে। জানিব পৰা মতে, কেন্দ্ৰটোত প্ৰশিক্ষণ লোৱা শিপিনীসকলক ঋণ দিয়াৰ উদ্দেশ্যে তত্ববধায়ক অৰুণ বৰাই প্ৰতিগৰাকী শিপিনীক ৫০০০ হাজাৰ টকাকৈ বিচৰাত ক্ষোভিত হৈ শিপিনীসকলে এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে।

জানিব পৰা মতে, নৱেম্বৰ মাহৰ পৰা কামপুৰ সাহিত্য সভা ভৱনত প্ৰধানমন্ত্ৰী কুশল বিকাশ যোজনাৰ অধিনত ভেলোৱাৰ প্ৰাইভেট লিমিটেড নামৰ সামাজিক অনুষ্ঠানটোৱে শিপিনীসকলক তাঁত শালৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছিল। শেহতীয়াকৈ কেন্দ্ৰটোৰ তত্বাবধায়ক শিক্ষক অৰুণ বৰাই শিপিনীসকলক ঋণ দিয়াৰ নামত পাচঁ হাজাৰ টকাকৈ বিচৰাত ক্ষোভিত হৈ পৰে। ইফালে, সমগ্র ঘটনা একমুখে অস্বীকাৰ কৰিছে তত্বাবধায়ক অৰুণ বৰাই।

Related Articles

Leave a Reply

Close