Home / অসম / কামপুৰৰ বাহাকাবাৰীত বানপানীৰ সজাগতা শিবিৰ

কামপুৰৰ বাহাকাবাৰীত বানপানীৰ সজাগতা শিবিৰ

কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞা, প্ৰথম খবৰ: নগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৌজন্যত আৰু অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত শুক্ৰবাৰে কামপুৰৰ বাহাকাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা বিষয়ক এক সজাগতা শিবিৰ অনুষ্ঠিত হয়।

স্বাস্থ্যৰ উন্নতিৰ বাবে বানপানীৰ পাছত কৰিবলগীয়া বিভিন্ন সজাগতামূলক কাৰ্যৰ লগতে প্ৰাকৃতিক দুৰ্যোগৰ পৰা পৰিত্ৰাণ পাবলৈ এই সজাগতা শিবিৰ অনুষ্ঠিত হয়। পুৱাই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ এক সজাগতা সমদল উলিয়াই আৰু সজাগতা সভা অনুষ্ঠিত হোৱাৰ লগতে দিনজোৰা কাৰ্যসূচীৰে প্ৰাকৃতিক দুৰ্যোগক বিষয় হিচাপে লৈ কুইজ, চিত্ৰাঙ্কন, তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰে । দিনটোৰসমূহ কাৰ্যসূচীত উপস্থিত থাকে নগাঁও জিলাৰ সমল বিষয়া পুষ্পেন্দ্ৰ কুমাৰ নাথ আৰু ৰহা ৰাজহচক্ৰৰ পৰ্যবেক্ষক ৰূপন হাজৰিকা ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*