অসমশীৰ্ষ

ধৰালৈ আগমন শক্তিৰ অধিষ্ঠাত্ৰীৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: আজি শুভ মহালয়া। ইয়াৰ লগে লগে আৰম্ভ হ’ল দুৰ্গোৎসৱৰ লগ্নও। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি মহালয়াৰ জড়িয়তে ধৰালৈ আগমন ঘটে শক্তিৰ অধিষ্ঠাত্ৰী দেৱীৰ। পুৰাণৰ মতে, অশুভ অসুৰ শক্তিৰ ওচৰত পৰাভূত দেবতাসকলে স্বর্গলোকচ্যুত হোৱাৰ পিছত চাৰিওফালে আৰম্ভ হয় অশুভ শক্তিৰ প্রতাপ। এই অশুভ শক্তিৰ বিনাশ কৰিবলৈ একত্রি হয় দেবতাগণ। তেতিয়াই দেবতাৰ তেজৰশ্মিৰপৰা আৱির্ভাৱ হয় অসুৰবিনাশীনী দেৱী দুর্গাৰ। মহালয়াৰত সময় ঘোৰ অমাৱস্যা থাকে। তেতিয়াই দুর্গা দেবীৰ তেজোদ্বীপ্ত আলোকত সেই অমাৱস্যা দূৰ হয়। প্রতিষ্ঠা পায় শুভশক্তিৰ।

অন্য জনশ্ৰুতি অনুসৰি, হিমালয়ৰ কৈলাশৰপৰা সুদূৰ পথেৰে প্রতিবছৰে দুর্গা দেৱী সমতল ভূমিলৈ নামি আহে। লগত আহে গণেশ, কার্তিক, লক্ষ্মী আৰু সৰস্বতী। প্রতিবছৰে শৰৎকালত দেৱী দুর্গাৰ এই আগমন হয়।

ষষ্ঠী পূজাৰে শাৰদীয় দুর্গোৎসৱৰ আনুষ্ঠানিকতা আৰম্ভ হ’লেও মূলতঃ আজিৰপৰাই দুর্গা দেৱীৰ আগমনৰ ধ্বনি শুনিবলৈ পোৱা যায়। হিন্দু ধর্মমতে, মহালয়াৰ দিনতে দেৱ-দেৱীকুলে দুর্গাপূজাৰ বাবে নিজকে জাগ্রত কৰে।

আজিৰ দিনটোতে গংগাতীৰত প্রার্থনা কৰি ভক্তসকলে মৃত আত্মীয়-স্বজন আৰু পূর্বপুৰুষৰ আত্মাৰ মঙ্গল কামনা কৰে। আজ পুঁৱতি নিশাৰপৰাই সমগ্ৰ দেশৰ স্থায়ী আৰু অস্থায়ী দুর্গা মণ্ডপসমূহত চণ্ডীপাঠ আৰু পূজা অর্চনাৰে দুর্গা দেৱীক আহ্বান কৰা হয়। এইদৰেই আজি মর্ত্যলোকলৈ আগমন ঘটিব দেৱী দুর্গাৰ। ভক্তসকলৰ কণ্ঠত উচ্চাৰিত হ’ব ‘যা দেৱী সর্বভূতেষু মাতৃৰূপেণ সংস্থিতা, নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ’।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close