অসমশীৰ্ষ

নিউ বঙাইগাঁও ৰে’লৱে ৱাৰ্ডত অঘটন

বঙাইগাঁৱৰ পৰা প্ৰশান্ত ৰায়, প্ৰথম খবৰ: ৰে’লৰ পৰা এফ চি আইৰ চাউল আনলোড কৰা সময়ত এজন শ্ৰমিকৰ মৃত্যু হয় ৷ নিউ বঙাইগাঁৱৰ বিজি ৱাৰ্ডত এই দুৰ্ঘটনাটো সংঘটিত হয় । ট্ৰাক আৰু ৰে’লৰ চেপাত শ্ৰমিজনৰ মৃত্যু  ঘটে। শ্ৰমিকগৰাকীৰ নাম সুৰেশ ৰায় । ট্ৰাকৰ নম্বৰ এ এছ-১৭বি-২৭৭৩ । শ্ৰমিকসকলৰ মাজত উত্তেজনা সৃষ্টি হয়। এতিয়ালৈ ঘটনাস্থলীত উপস্থিত হোৱা নাই ৰে’ল বিভাগৰ বিষয়া। ৱাৰ্ডতে পৰি আছে মৃতদেহটো।

Related Articles

Leave a Reply

Close