Home / শীৰ্ষ / নোবেল বঁটা দিয়া হয় অযোগ্য ব্যক্তিক, তছলিমা নাছৰিণৰ তৰ্জনী
ফটো: তছলিমা নাছৰিণৰ টুইটাৰৰ সৌজন্যত

নোবেল বঁটা দিয়া হয় অযোগ্য ব্যক্তিক, তছলিমা নাছৰিণৰ তৰ্জনী

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: বিভিন্ন ক্ষেত্ৰত প্ৰদান কৰি অহা বঁটা-বাহনক লৈ শেহতীয়াভাৱে বিতৰ্ক নতুন কথা নহয়। বঁটা প্ৰদানক লৈ বিভিন্নজনে বঁটা প্ৰাপকৰপৰা ধন লোৱাৰ অভিযোগো উত্থাপিত হৈ আহিছে। এইবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে নোবেল বঁটা। বাংলাদেশৰ প্ৰখ্যাত লেখিকা তছলিমা নাছৰিণে আজি এই অভিযোগ কৰিছে টুইটাৰত। লেখিকাগৰাকীৰ মতে, অযোগ্য ব্যক্তিক নোবেল কমিটীয়ে শান্তিৰ বঁটা দি আহিছে। আৰু ইয়াৰ অন্যতম হৈছে ম্যানমাৰৰ নেত্ৰী আং ছান চ্যু চী।

উল্লেখ্য যে, শেহতীয়াভাৱে ম্যানমাৰত ৰহিংগীয়া মুছলমানসকলৰ ওপৰত যি আক্ৰমণ চলিছে তাত আং ছান চ্যু চীৰ প্ৰত্যক্ষ হস্তক্ষেপ থকাৰ কথা চৰ্চিত হৈছে। নেত্ৰীগৰাকীৰ বিৰুদ্ধে বিশ্বজুৰি জাগৰণো দেখা গৈছে। আনহাতে বাংলাদেশলৈ ব্যাপক হাৰত ৰহিংগীয়া মুছলমানৰ প্ৰব্ৰজন ঘটিছে। ভাৰততো প্ৰৱেশ কৰিছে ৰহিংগীয়া মুছলমান। ইতিমধ্যে ঢাকাই অনুৰোধ জনাইছে যাতে ম্যানমাৰে শীঘ্ৰে প্ৰব্ৰজনকাৰী ৰহিংগীয়া মুছলমানসকলক দেশলৈ উভতাই নিয়ে। আনহাতে, এইসকল প্ৰব্ৰজনকাৰীক উভতাই পঠিওৱা হ’ব বুলি চৰকাৰে প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*