শেহতীয়া
Home / অসম / দীনদয়ালৰ নামত কলেজ নালাগে, ৰবীন্দ্ৰনাথকো পূজা কৰি লাভ নাই, আছুক সতৰ্ক কৰিলে পৰেশ বৰুৱাই

দীনদয়ালৰ নামত কলেজ নালাগে, ৰবীন্দ্ৰনাথকো পূজা কৰি লাভ নাই, আছুক সতৰ্ক কৰিলে পৰেশ বৰুৱাই

শেহতীয়াভাৱে অসমত দীনদয়াল উপাধ্যায় প্ৰসংগত বিতৰ্ক চলি থকাৰ মাজতে আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ এক আছুতীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল প্ৰথম খবৰৰ সম্পাদক ৰুবুল দাসে। পৰেশ বৰুৱাৰ স্পষ্ট কথা অসমত দীনদয়াল উপাধ্যায়ৰ নামত কোনো অনুষ্ঠান প্ৰতিষ্ঠা হ’ব নোৱাৰে। কেৱল সেয়াই নহয় অসমত ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামত থকা অনুষ্ঠানৰো বিৰোধিতা কৰে বৰুৱাই।

দীনদয়াল উপাধ্যায় প্ৰসংগত পৰেশ বৰুৱাই কয় যে, সেই বিষয়ত ইতিমধ্যে দলীয়ভাৱে বিবৃতি দিয়া হৈছে। বিবৃতিত আমি কৈছোঁ বৃটিছ আমোলৰপৰা যিসকল ব্যক্তিয়ে নিস্বাৰ্থভাৱে অসমক ভালপায়, অসমৰ ভাষা সংস্কৃতিৰ কাৰণে বা অসমৰ কাৰণে যিয়ে অৱদান আগবঢ়াইছে, তেওঁলোকৰ নামত, যেনে- গৰ্ডনৰ নামত, মাইলছ ব্ৰনছনৰ নামত কলেজ বা অনুষ্ঠান পাতিলেও আমাৰ আপত্তি নাই। মাইলছ ব্ৰনছনৰ নামটো আমি ল’বই লাগিব। কাৰণ অসমীয়া ভাষা প্ৰতিষ্ঠা কৰা মূল মানুহজনেই হ’ল মাইলছ ব্ৰনছন। আৰু কিছুমান আছে, যিসকলে উপনিবেশিক শাসক গোষ্ঠী বা লোক হ’লেও তেখেতসকলে অসমৰ প্ৰতি, বিশেষকৈ শিক্ষাজীৱনৰ প্ৰতি অনান্য বহু অৱদান আগবঢ়াই গৈছে। সেইসকলৰ প্ৰতি আমাৰ কোনো বিষোদগাৰ নাই। সেয়ে আমি কোৱা নাই গৰ্ডন বা কটনখনৰ নামটো থাকিব নোৱাৰিব বুলি।

জ্যোতি আছিল বহিৰাগত। অসমত জ্যোতিপ্ৰসাদ আগৰৱালা, চন্দ্ৰ কুমাৰ আগৰৱালা, আনকি ঘিচালালৰ নামো থাকিব। জি এল আগৰৱালাৰ সাহিত্য ক্ষেত্রখনত অৱদান যথেষ্ট। ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল। তেখেতসকলৰ নামেৰে যদি স্কুল-কলেজ পতা হয় তাত বিশেষ ক’বলগীয়া নাই।

কিন্তু আমি অসমত দীনদয়ালৰ নামত কলেজ পতাটোৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। দীনদয়ালৰ লগতে আৰু কিছুমান ব্যক্তিৰ নামত নামকৰণৰ আমি বিৰোধিতা কৰিছোঁ। কাৰণ অসমৰ বাবে তেওঁলোকৰ কোনো অৱদান নাই।

এই ক্ষেত্রত আমি অলপ পিছলৈ ঘূৰি যাব লাগিব। আমাৰ পূৰ্বপুৰুষৰপৰা, আমাৰ মা-দেউতাৰপৰা আমি শুনিছোঁ। নিজ চকুৰেও দেখিছোঁ, মাৰোৱাৰীবিলাকে কেনেদৰে আমাৰ অসমৰ সহজ-সৰল মানুহবিলাকৰ মাটি-বাৰী ঠগি নিজৰ কৰি ল’লে। আমাৰ অঞ্চলত কোন কোন মাৰোৱাৰী আছিল? মাৰোৱাৰীবোৰে সহজ-সৰল অসমীয়া মানুহক ঠগি মাটি-বাৰীবোৰ কেনেকৈ ল’লে? এবস্তা নিমখেৰে…। তেতিয়া নিমখ পাবলৈ টান। ১৯৪০ৰ দশকৰ কথা কৈছোঁ। নিমখ পাবলৈ নাই, তেল পাবলৈ নাই। এবস্তা নিমখ দি তিনিটকীয়া-ছটকীয়া এবিঘা মাটি লৈ লৈছিল। ককাদেউতাক তামোল-পাণ দি সেৱা কৰিলে। তেওঁ মাটি দি দিলে।

তাৰ পৰৱৰ্তী সময়ত মাৰোৱাৰীবিলাকে যেনেদৰে শোষণ কৰি আছে, মানুহক ঠগিবৰ কাৰণে স্কুল খুলি দিলে বা অনান্য কিছু অনুষ্ঠান গঢ়িলে। এইটো এটা পৰম্পৰা, প্ৰথম পৰম্পৰা।

তাৰ আগৰ পৰম্পৰাটো হৈছে তথাকথিত স্বাধীনতা লাভৰ আগত বৃটিছসকলে কলেজ খুলিছিল প্ৰয়োজনত। কিন্তু নিশ্চিতভাৱে এইটো ভাল দিশত কৰিছিল। সেইটোত কোনো লুণ্ঠন কৰা নাছিল। তেওঁলোকে দেখিছিল যে মানুহখিনিক সাক্ষৰ কৰিব লাগে। তেতিয়া তেওঁলোকে কটন, গৰ্ডন এইবিলাক নামকৰণ কৰিছিল। আৰু অসমৰ বিভিন্ন প্ৰান্তত হৈছিল।

পৰৱৰ্তী পৰ্যায়ত মাৰোৱাৰীবিলাকে অসমৰ মাটি লৈ নিজৰ ৰাজত্ব চলাইছে। সেইবিলাকৰ ওপৰত আমাৰ ক’বলগীয়া আছে। অসমত সেইসকলৰ নামত স্কুল-কলেজৰ নামকৰণ কৰা উঠাব লাগিব।

১৯৫১ চনৰপৰা ভাৰতীয় যি গণতন্ত্র  প্ৰৱৰ্তন হ’ল, কংগ্ৰছ দল আহিল। কংগ্ৰেছ দলৰ মুৰব্বীসকলত নামত যি এটা তৈলমৰ্দন প্ৰৱৰ্তনকামী স্কুল-কলেজ বিভিন্ন সামাজিক অনুষ্ঠান বা ক্ৰীড়াংগণৰ নাম তেওঁলোকৰ নামত নামকৰণ কৰাৰ ঢৌ আহিল। এইবিলাকো আমি বন্ধ কৰিবৰ কাৰণে কৈছোঁ। কৰিব লাগিব। ছমাহ পিছত আমি ইয়াৰ ওপৰত একচন এটা ল’ম। যদিহে নকৰে।

লগতে কৈছোঁ ইন্দিৰা গান্ধী, জৱাহৰলাল নেহৰু, ৰাজীৱ গান্ধী এইবিলাক নামকৰন উঠাওক। যদিহে দীনদয়ালৰ নামটো উঠাব লাগে তেতিয়াহ’লে সকলোৰে নামবিলাক উঠাব লাগিব। তেওঁলোকৰতো অসমত কোনো অৱদান নাই।

ৰবীন্দ্ৰ ভৱনৰ নাম সলনি কৰাৰ প্ৰসংগতো পৰেশ বৰুৱাৰ স্থিতি দৃঢ়। অসমত এছিয়াৰ প্ৰথমগৰাকী ন’বেল বঁটাপ্ৰাপক কবিৰ নামত অনুষ্ঠান-প্ৰতিষ্ঠান স্থাপন নকৰাৰ পোষকতা কৰি পৰেশ বৰুৱাই আছুতীয়া সাক্ষাৎকাৰটোত মত ব্যক্ত কৰে।

অসমত ৰবীন্দ্ৰনাথৰ কোনো অৱদান নাই। হয়, তেওঁ এগৰাকী বিশ্ব বৰেণ্য কবি আছিল। আৰু তেওঁক আমি সন্মান কৰোঁ। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে অসমত তেওঁৰ নামেৰে ভৱন বা অন্য অনুষ্ঠানৰ নাম নামকৰণ কৰিব।

অসমত ভূপেন হাজৰিকা, বৰেণ্য ব্যক্তি, সাহিত্যিক বহুত আছে। সেইসকলৰ নাম অন্য দেশ বা ঠাইত কিয় স্থাপন কৰা নাই? অসমত তেনে ব্যক্তি আছে। বাণীকান্ত কাকতিৰ নাম, কৃষ্ণকান্ত সন্দিকৈৰ নামত কিয় কৰা নাই? তেওঁলোক বিখ্যাত মানুহ আছিল। ভূপেন হাজৰিকাৰ নামেৰে ভাৰতৰ বিভিন্ন প্ৰান্তত কিয় কোনো অনুস্থান কৰা নাই? মই কওঁ, তেতিয়াহলে ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামতো অসমত পূজা কৰি লাভ নাই।

শেহতীয়াভাৱে দীনদয়ালৰ নামটো অসমত আহিল। দীনদয়াল কোন? দীনদয়ালকতো মানুহে চিনিয়েই নাপায়। আমিও ’৬০ৰ দশকত পাঠ্যক্ৰমত তেখেতৰ নাম পোৱা নাই। শুনা নাই, তেখেতৰ কিবা অৱদান অসমত আছে বুলি। অসমৰ কথাতো বাদেই দিলোঁ, ভাৰতীয়সকলৰ কাৰণেও কিবা অৱদান ৰাখিছে বুলি আমি পোৱা নাই।

চাবলৈ গ’লে বিজেপিৰ মানুহেও তেওঁক ভালকৈ চিনি নাপায়। নাজানে। যিকোনো নাম আমি গ্ৰহণ কৰিব নোৱাৰোঁ। শোষণকাৰীৰ কোনো নাম নামফলকত থাকিব নোৱাৰে। সেইবাবে দীনদয়ালৰ নামটো আমি অসমত কোনোপধ্যে ঠাই দিব নোৱাৰোঁ বা মানি ল’ব নোৱাৰোঁ। যিবিলাকৰ কোনো অৱদান নাই তেনে ভাৰতীয় কোনো ব্যক্তিৰ  নামফলক অসমত থাকিব নোৱাৰে। বিশেষকৈ শিক্ষা অনুষ্ঠান, সামাজিক অনুষ্ঠান আদিবিলাকত এওঁলোকৰ নাম থাকিব নোৱাৰে। এইকথা আমি স্পষ্টভাৱে জনাই দিলোঁ। তাৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হ’ব ছমাহৰ পিছত। আমি ৬ মাহৰ আগতে কি কৰিব লাগে আগতিয়াকৈ সতৰ্ক কৰি দিলোঁ। যদি আমাৰ আদেশ নামানে বা ফলৱতী নকৰে তেতিয়া আমি হাতে-কামে লাগিম। আমি দীনদয়ালৰ পক্ষৰ বিৰোধী।

আমি সকলোকে মুকলিভাৱে কৈছোঁ, ৬ মাহত আমাৰ কাম-কাজ চলি থাকিব। হয়তো কেতিয়াবা দীনদয়ালৰ নামটো ক’ৰবাত ক’ৰবাত চুবলৈ কিছু দেৰি লাগিব পাৰে। কিন্তু যিটো ঘোষণা কৰিছোঁ সেইটো হ’বই। ছমাহৰপৰা আমাৰ কাম কাজ আৰম্ভ কৰিম। কৰি যাম। দীনদয়াল উপাধ্যায়ৰ নাম তাত বাদ পৰি নাযায়। হয়তো এবছৰো লাগিব পাৰে। কিন্তু আমি নিশ্চিতভাৱে ৬ মাহৰ পিছত কৰিম। একেদিনাই হয়তো সকলো নাম উঠাব নোৱাৰোঁ।

সেয়ে ছমাহৰ আগতে আগতীয়াভাৱে আমি সতৰ্কবাণী দিলোঁ। ছমাহৰ পিছত হাতে-কামে দেখিব। সতৰ্ক কৰিলোঁ সেই শিক্ষা প্ৰতিষ্ঠানৰ লগত জড়িত সকলোকে। লগতে ছাত্র-ছাত্রীসকলোকো। যিহেতু তেওঁলোকো ইয়াৰ সৈতে জড়িত। আমি কৈ থ’লো। পৰৱৰ্তী সময়ত কিবা হ’বও পাৰে।

আমি আছুকো জনালোঁ কথাটো। পৰৱৰ্তী সময়ত আমাক দোষাৰোপ নকৰিব। সেয়ে আমি বাৰে বাৰে সতৰ্ক কৰি দিছোঁ। এই ক্ষেত্রত সকলোৱে সতৰ্ক হোৱা দৰকাৰ। আমি আগতে কৈছোঁ যে ভাৰতীয় গণতন্ত্রক আমি কেতিয়াও মানিব নোৱাৰোঁ। ই তথাকথিত গণতন্ত্র। আমি এতিয়াও প্ৰকৃত গণতন্ত্ৰ পোৱা নাই।

এইক্ষেত্রত অভিভাৱক সকলৰো দায়িত্ব আছে। আমাক দোষাৰোপ কৰাৰ আগতে তেওঁলোক জগৰীয়া হ’ব। আমি আগতেই কৈছোঁ, এতিয়াও কৈছোঁ, কাইলৈ-পৰহিলৈ আকৌ আমি কাৰ্যসূচী হাতত ল’ম। সেইসময়ত আমাক দোষাৰোপ কৰি কোনো লাভ নাই। সেয়ে আমি অভিভাৱকসকলকো সতৰ্ক কৰি দিলোঁ। যাতে কোনো বিতৰ্কিত অনুষ্ঠানলৈ ল’ৰা-ছোৱালীক নপঠিয়ায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*