কবিতাসাহিত্য

কণমানি ছোৱালীজনী

কংকনা দাস

তাইৰ মনত কিছু আশা

বহুত কিবা পোৱাৰ ইচ্ছা,

উজ্জ্বল তাইৰ দুচকু,

মনত অলেখ হেপাঁহ।

মোৰ ওচৰলৈ তাই আহিছিল

মোক মাত দিছিল তাই

এক অন্তনিৰ্হিত আশাৰে,

বাৰে বাৰে মোৰ ওচৰলৈ আহিছিল

অযুত সপোনৰ সঞ্চয়

তাই কণমানি হিয়াত,

কঠোৰ বাস্তৱক নেওচি

দিশৰ সন্ধানত তাই।

হাতত থকা পাত্ৰটো আগুৱাই দিছিল

কিমান চাগে ভৰসা তাইৰ,

এক মাত্ৰ জীৱিকাৰ উপায়।

দুচকুত অযুত সপোন,

দুৰ্দান্ত তাইক হৃদয়,

প্ৰৱল তাই ইচ্ছা শক্তি।

পৰিচয়ৰ দিশত তাই

এদিন জয়গান গাব জীৱনৰ যুঁজত।

 

 

 

Related Articles

Leave a Reply

Close