কবিতাসাহিত্য

অনুৰণন

কংকনা দাস

বেদনাৰ ৰং হেনো নীলা

স্পন্দন জাগি উঠে মনত,

শূণ্যতাৰ পোহাৰ মেলি,

অস্মৰণীয় গান।

মিঠা ৰাগিনীৰ সন্ধানত,

স্মৃতি চেঁকুৰা হৃদয়ত,

আঁউষিৰ নিশা!

জোনটিও হেৰাল কোনেও গম নোপোৱাকে।

সুখৰ আৱিৰ,

বতাহে নিলে উৰুৱাই,

ফাঁহি আহিছে এটি সুৰ,

লীপ্ত মৌনতাৰ তালত।

বহ্নিমান হৈ থকা সুখবোৰেও,

উৰা মাৰিলে অচিন দেশলৈ।

সৃষ্টি হ’ল এটি গানৰ।

মনৰ অবুজ কাৰেঙত,

বেদনাৰ বিচাৰি আয়ুস,

ক্লান্ত দেহত মনক বুজনি,

গতিশীল যাত্ৰাৰ সন্ধানত

আকৌ সৃষ্টি,

অজুট-অলেখ সপোনৰ।

 

Related Articles

Leave a Reply

Close