কবিতাসাহিত্য

‘হে মাঁ দুৰ্গা’

বীৰেন কোঁৱৰ

হে জগত জননী,

দুৰ্গতি নাশিনী মাঁ দুৰ্গা।

তুমি সৰ্বত্ৰে জাজ্বল্যমান,

তুমি অহাৰ বতৰা পাই।

মঠ-মন্দিৰ-দেৱালয় সকলোতে আজি,

তোমাৰ ভক্তিপৰায়ণ লোকৰ,

স্তুতি-প্ৰাৰ্থনা হৰিনামৰ নিজৰা বৈছে।

 

তোমাৰ শুভাগমনত চোৱাচোন,

শাৰদী ৰাণীয়ে নৈৰ পাৰত কিদৰে,

এডৰা শুভ্ৰ ভৰুণ কঁহুৱাৰ সৈতে,

হালি জালি নাচিছে।

স্নিগ্ধ জোনাক নিশা শেৱালিয়ে,

তুমি অহা বাটলৈকে চাই,

ক্ষণ গণি সাৰে ৰৈছে।

 

হে জগত জননী মাঁ দুৰ্গা,

চোৱাচোন চোৱা আনন্দধামৰ পৰা দেৱগণে,

মৰ্ত্যত তোমাৰ পদধ্বনি শুনি,

আনন্দবিহ্বল হৈ কিদৰে পুষ্পবৃষ্টি ছটিয়াইছে,

কিদৰে আশীৰ্বাদ যাঁচিছে চোৱাচোন।

 

হে দুৰ্গতি নাশিনী মাঁ দুৰ্গা,

তোমাৰেই উপাসক আমি।

প্ৰতিনিতে তোমাৰ চৰণ চুই,

সহস্ৰ প্ৰণিপাত কৰো।

ওৰেটো জীৱন সংগ দিয়া মাঁ,

মষিমূৰ কৰা সকলো দোষ আমাৰ,

তোমাৰ ঐশ্বৰিক শক্তিৰে নিঃশেষ কৰা,

দেশৰ সকলো অপায় অমঙ্গল মাঁ।

Related Articles

Leave a Reply

Close