অসম

বিধায়ক হুদাৰ প্ৰস্তাৱক সহাঁৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

প্ৰথম খবৰ, ৰূপহীহাট: নগাঁও জিলাৰ ৮৫ নং ৰূপহীহাট সমষ্টিৰ এটা গুৰুত্বপূৰ্ণ সমস্যাক সদনত সামাধানৰ আশ্বাস দিয়াত সমষ্টিখনৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে ৷ বিধান সভাৰ বিশেষ অধিৱেশনৰ শূন্যকালীন প্ৰশ্নোত্তৰ কালত কালি ৰূপহীহাট বিধায়ক নুৰুল হুদাই বৃহত্তৰ অঞ্চলটোত অগ্নিনিৰ্বাপক বাহিনীৰ কোনো শাখা নথকাৰ বাবে সাধাৰণ ৰাইজে বহুত সমস্যাৰ সন্মুখীন হৈ আহিছে বুলি সদনত উল্লেখ কৰি এটি কেন্দ্ৰ স্থাপনৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে ৷

ইতিমধ্যে কেইবাটও বিধ্বংসী অগ্নিকাণ্ডই ৰূপহীৰ বহু ব্যৱসায়িক প্ৰতিষ্ঠানে লাখ লাখ টকাৰ ক্ষয়-ক্ষতিৰ সন্মুখীন হোৱা বিষয়টো অলপতে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো অৱগত কৰিছিল বুলি নিজৰ বক্তব্যত উল্লেখ কৰে সদনত ৷ অৱশ্যে কালি সদনত মূখ্যমন্ত্ৰী উপস্থিত নাছিল যদিও মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ আগন্তুক বিত্তীয় বৰ্ষত সমস্যাটো সমাধানৰ আশ্বাস দিয়ে ৷

বিৰোধী দলৰ বিধায়কৰ কথাখিনিৰ প্ৰতি গুৰুত্ব দি মন্ত্ৰী পাটোৱাৰীয়েও দায়িত্ববোধৰ উদাহৰণ দাঙি ধৰিলে যাৰ বাবে সমষ্টিবাসীয়ে বিধায়ক নুৰুল হুদাৰ তৎপৰতাক শলাগ লোৱাৰ লগতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সহাঁৰিক প্ৰশংসা কৰা দেখা গৈছে ৷ উল্লেখ্য যে, অসমৰ ভিতৰত সৰ্ববৃহৎ বজাৰ ৰূপহীত বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান, শতাধিক ক্ষুদ্ৰ উদ্যোগ, কুৰিটাৰো অধিক শিক্ষানুষ্ঠান আৰু বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান থকা অঞ্চলটোত এনে এটা অগ্নিনিৰ্বাপক বাহিনী পূৰ্বেই স্থাপন হ’ব লাগিছিল যদিও সমষ্টিখনৰ পৰা নিৰ্বাচিত হৈ মন্ত্ৰী- বিধায়ক হোৱা পূৰ্বৰ অকৰ্মন্য জনপ্ৰতিনিধিসকলে সদনত নিষ্ক্ৰিয় ভূমিকা আৰু শুই টোপনি মাৰি সময় কটোৱাৰ বাবে সেই ইমান দিনে হৈ উঠা নাছিল বুলি অভিয়োগ উত্থাপন কৰিছে ৷

Related Articles

Leave a Reply

Close