অসমনিবন্ধশীৰ্ষসাহিত্য

শৰতৰ সুৱাসত: শাৰদী ৰাণী

কংকনা দাস:

মৃদু মৃদু শীতৰ আভাস। শৰতৰ ভাল লগা দিনবোৰ যেন দুৱাৰদলিত। স্মৃতি ৰহঘৰত আকৌ সৃষ্টি হ’ব এটি নতুন গানৰ। শৰৎ এক নাম মিঠা আলোড়নৰ। গ্ৰীষ্মৰ উত্তাপ আঁতৰাই কাতিৰ মিঠা পৰশ সানিবলৈ শৰতৰ আগমন। বগা কুসুম মাজত কিছু ধেমালি চৰাইবোৰৰ-শেৱালি, পুৱাৰ কাঁচিৱলি ৰ’দজাকত জিলিকি থাকে। শৰৎ আৰু শেৱালীৰ দুয়োৰ যেন এক মধুৰ সম্পৰ্ক। শৰতৰ আগমনত সকলোৰে মন মতলীয়া। আনন্দত সকলো আপোন পাহৰা। কাৰণ শাৰদী ৰাণীৰ ধৰালৈ আগমন। সৃষ্টিত এক নতুন উদ্যম দি এক অস্মৰণীয় ক্ষণ। শাৰদী ৰাণীক আদৰিবলৈ সকলো সাজু হৈছে।

শাৰদী ৰাণী! দুৰ্গা দেৱী, মাক আদৰিবলৈ সকলোৰ উচ্ছাহ-উদ্দীপনা দুগুণে বাঢ়িছে। মা, তুমি আহি দুষ্টক দমন কৰি পৃথিৱীত শান্তি স্থাপন কৰিবা। যেনেকৈ মহিষাসুৰক তুমি নাশ কৰিছিলা তেনেকৈ নৰৰূপী অসুৰবোৰকো তুমি নাশ কৰা। ব্যভিচাৰ, দুৰ্নীতি, লুণ্ঠন আদি সঘনাই বাঢ়িবলৈ লৈছে। মানুহে মানুহৰ বাবে ভাতৃ-ঘাটি সংৰ্ঘষত লিপ্ত হয়। পাৰিবাৰিক কাজিয়া, বিশ্বাসঘাটকতা সঘনাই দেখা যায়। এগৰাকী নাৰীৰ নিৰাপত্তা সকলাতে যেন লুপ্ত। মানুহৰ মানৱীয়তাবোধ হেৰাই গৈছে।

এনেকৈ যদি থাকে মানৱ সভ্যতা কোন দিশে ঢাল খাইছে সকলোৰে পৰিচিত। এখন সুস্থ সমাজ গঢ়ি উঠক, অন্যায়, ব্যভিচাৰ আঁতৰি যাওঁক। সমাজত মানৱতাবোধ গঢ়ি উঠক প্ৰবলভাৱে। যাতে কোনো মাতৃয়ে হিয়া-ধুনি কান্দিব নালাগে পথৰ দাঁতিত বহি। সকলো পুত্ৰ-কন্যাৰ মনত যেন সুস্থ চেতনাৰে ভৰি পৰক। শাৰদী ৰাণী তোমাৰ পৰা এনে আশা আমি কামনা কৰিছো। এই ক’লা ডাৱৰ আঁতৰাই সুভ্ৰতাৰে ভৰাই দিয়া।

তোমাৰ ধৰালৈ আগমনক লৈ সকলো অধীৰ অপেক্ষাত! নতুন সাজ-পোচাক লোৱাত ব্যস্ত, তেনেদৰেই একাংশই এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিছে। সেই জাক-জমকতাত হাবাথুৰি নাখাই প্ৰকৃত সুখৰ সন্ধান কৰা উচিত। শাৰদীয় ৰাণী তুমি অন্ধকাৰেৰে আঁৱৰা দুখবোৰ আঁতৰাই সুখৰ পোহৰ বিলাবা। আমাৰ অপেক্ষাত এই শৰতৰ গধূলিত তোমাৰ আৰ্বিক্ষণত আমি সুখৰ আবিৰ সানি ৰং-ধেমালি কৰোঁহক।

 

Related Articles

Leave a Reply

Close