অসমশীৰ্ষ

শিমলুগুৰিত হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

শিমলুগুৰিৰ পৰা নেকিবুল হক, প্ৰথম খবৰ: দীনদয়াল উপাধ্যায় নামত মহাবিদ্যালয়ৰ স্থাপনৰ বিৰোধিতা কৰি আৰু কৃষক-ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাৰ মুক্তি দাবীত শিমলুগুৰি মছজিদ তিনিআলিত হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে।

এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত আছিল সংগঠনটোৰ শিমলুগুৰি আঞ্চলিকৰ সভাপতি বিকাশ ফুকন, যুটীয়া সাধাৰণ সম্পাদক ববি মাৰ্টিন লাহন, কাৰ্যকৰী সভাপতি ইমৰান আলি আৰু জিলা সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক ৰাজু ফুকন, সহঃ সম্পাদক আছিফ ইছলাম লগতে সংগঠনটোৰ কৰ্মীসকলে শিক্ষা গেৰুৱাকৰণ বন্ধ কৰক, হিমন্ত বিশ্ব মুৰ্দাবাদ, দীনদয়াল উপাধ্যায় নামত মহাবিদ্যালয় স্থাপন কৰিবলৈ দিয়া নহ’ব, কৃষক-ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিনাচৰ্তে মুক্তি দিয়ক আদি শ্ল’গান দি শিমলুগুৰি মাজমজিয়াত হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে।

Related Articles

Leave a Reply

Close