বিনোদনশীৰ্ষৰাষ্ট্ৰীয়

পুনৰ চৰ্চাৰ শিখৰত ছানী দেওল আৰু ডিম্পল কাপাডিয়াৰ সম্পৰ্ক

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: এসময়ত বলীউডৰ ‘ৰোমাণ্টিক কাপল’ বুলিলে ছানী দেওল আৰু ডিম্পল কাপাডিয়াৰ নাম বহু চৰ্চিত হৈছিল। উল্লেখযোগ্য যে এই দুই অভিনেতা-অভিনেত্ৰীৰ সম্পৰ্ক পুনৰ চৰ্চিত হৈছে ইণ্টাৰনেটত ভাইৰেল হোৱা ফটো আৰু ভিডিঅ’ এটাৰ কাৰণে।

ছানী দেওল আৰু ডিম্পল কাপাডিয়াক নিউয়ৰ্কত হাতে হাত ধৰি থকা অৱস্থাত প্ৰতক্ষ্য কৰা হয়। এই দুই অভিনেতা-অভিনেত্ৰীৰ কেমেষ্ট্ৰীয়ে পূৰ্বৰে পৰা বহুজনৰ দৃষ্টি আকৰ্ষণ কৰি আহিছিল। মঞ্জিল মঞ্জিল, অৰ্জুন, আগ কা গোলা, নৰসিমহা তেওঁলোকে অভিনয় কৰা চুপাৰহিট বোলছবি।

যদিও ছানী দেওল আৰু ডিম্পল কাপাডিয়াই নিজৰ মাজত থকা সম্পৰ্কৰ কথা প্ৰকাশ কৰা নাই তথাপি ইণ্টাৰনেটত ভাইৰেল হোৱা ফটো আৰু ভিডিঅ’টোৱে বহুতৰে মনত বহু প্ৰশ্নৰ উত্থাপন কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close