অসমবিনোদনশীৰ্ষ

‘মিছন চাইনাৰ’ পাছত এইবাৰ মুক্তি পাব ‘তুমি আহিবানে’

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : অসমত পুনৰ জীৱিত হৈ উঠিছে অসমীয়া ছবি উদ্যোগটো। ইখনৰ পিছত সিখন অসমীয়া ছবিয়ে আমোদ দিছে ৰাজ্যবাসীক। যোৱা ৮ ছেপ্টেম্বৰত মুক্তি লাভ কৰা জুবিন গাৰ্গৰ ছবি ‘মিছন চাইনা’ৰ সফলতাই এই কথা প্ৰমাণ কৰিলে যে ভাল অসমীয়া ছবি চাবলৈ আজিও আগ্ৰহী প্ৰতিজন অসমীয়া। ‘মিছন চাইনা’ই ঢৌ তুলি থকাৰ সময়তে আন এখন চলচিত্ৰই মুক্তি লাভ কৰিব চলিত বৰ্ষৰ ২২ ছেপ্টেম্বৰ তাৰিখে।’ অসম চলচিত্ৰ আৰু বিত্ত নিগম’ আৰু প্ৰেৰণা ক্ৰিয়েচন্সৰ যুটীয়া প্ৰযোজনাত প্ৰেৰণা বৰবৰুৱা পৰিচালিত সম্পূৰ্ণ গ্ৰাম্য পটভূমিত নিৰ্মাণ কৰা হৈছে ‘তুমি আহিবানে’।

২২ ছেপ্তেম্বৰত মুক্তি লাভ কৰিবলগীয়া এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী ক্ৰমে ৰবি শৰ্মা, নিপন গোস্বামী, অৰুণ নাথ, বৰষাৰাণী বিষয়া,মুনমী ফুকন, গুঞ্জন ভৰদ্বাজ, জ্যোতি ভূঞা, বিভূতিভূষণ হাজৰিকা, নিলোৎপল, প্ৰতিভা চৌধুৰীকে আদি কৰি বহুকেইগৰাকী শিল্পীয়ে।

‘তুমি আহিবানে’ত সংগীত পৰিচালনা কৰিছে তৰালী শৰ্মাই। জুবিন গাৰ্গ আৰু তৰালী শৰ্মাৰ কণ্ঠই ছবিখনৰ গীতকেইটা সুন্দৰকৈ সজাই তুলিছে। ইফালে ছবিখনৰ প্ৰযোজনা বিবি দেৱী বৰবৰুৱাৰ, চিনেমাটোগ্ৰাফী প্ৰদীপ দৈমাৰীৰ আৰু সম্পাদনা কিশোৰ ডেকাৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close