Home / সাহিত্য / নিবন্ধ / জুবিন: কিয় ইমান জনপ্ৰিয় ?

জুবিন: কিয় ইমান জনপ্ৰিয় ?

 হিমাংশু ৰঞ্জন ভূঞা

জুবিন গাৰ্গ, যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ, লুইত কন্ঠ জুবিন গাৰ্গ – ২৫ বছৰৰো অধিক কাল অসমৰ সংগীত জগতক কণ্ঠৰ মায়াজালেৰে মন্ত্ৰমুগ্ধ কৰি ৰখা জুবিন গাৰ্গ। সততে কিছুমান বিতৰ্কিত কথা কামেৰে বাতৰিৰ শিৰোনামলৈ অহা জুবিন গাৰ্গ।

জুবিন – এক আজন্ম প্ৰতিভাৰ আকৰৰ অন্য নাম ৷ মায়াময় কণ্ঠৰে অনামিকাৰ পৰা মিছন চাইনা লৈকে প্ৰায় তিনিটা দশক ২৬-২৭ হাজাৰৰো অধিক গীতৰে অসমীয়া সংগীতক সমৃদ্ধ আৰু শক্তিশালী ৰূপত গঢ় দিয়া জুবিনৰ সংগীত জীৱনৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নিশ্চয় নাই ৷

দহ-পোন্ধৰদিন ‘মিছন চাইনা’ৰ প্ৰচাৰৰ বাবে অসমৰ অৰঙে দৰঙে জুবিন গৈছে ৷ ৰাইজৰ মাজত সোমাই পৰিছে ৷ মানুহ কিমান আহিছে তাৰ হিচাপ দিয়া অসম্ভৱ ৷ পৰুৱাৰ নিচিনাকৈ মানুহ , কেৱল মানুহ, ‘মিছন চাইনা’ই যে অসমৰ সৰ্বকালৰ সকলো বক্স অফিচ ৰেকৰ্ড প্ৰথম দিনাই ভংগ কৰিব সেয়া খাটাং ৷ কথা হ’ল, সততে বিতৰ্কই খেদি ফুৰা এই মানুহজনৰ প্ৰতি কিয় সকলোৰে এই  অদ্ভুত আকৰ্ষণ ? কিয় ইমান ভাল পাই সকলোৱে জুবিন গাৰ্গক ?

কাৰনটো হ’ল জুবিনৰ মানুহক আকৰ্ষিত কৰিব পৰা এক ঈশ্বৰপ্ৰদত্ত শক্তি আছে ৷
খাৰাংখাচ কথা, স্পষ্টবাদিতা আৰু কথা কোৱাৰ ধৰণটোৱে সততে সকলোকে মোহিত কৰে ৷ জুবিনৰ কণ্ঠই মানুহক মোহাছন্ন কৰি ৰাখিছে সঁচা কিন্তু জুবিনৰ আন আন যিবোৰ সমাজ সচেতনতাৰ বাবে কৰা কাম, সেয়াই তেওঁক অসমৰ প্ৰতিগৰাকী মানুহৰ অন্তৰত তেওঁৰ প্ৰতি এক শ্ৰদ্ধাসূলভ আকৰ্ষণ জন্মাই আহিছে ৷ জুবিনে সমাজৰ বাবে বহুখিনি কাম কৰি আছে ৷ গড় হত্যা বন্ধ কৰাৰ বাবে সদায় মাত মাতি আহিছে , যুৱপ্ৰজন্মক বন্যপ্ৰাণী তথা প্ৰকৃতি সংৰক্ষণৰ বাবে সচেতন কৰিছে ৷ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনৰ জন্ম দি সমাজৰ বহু দূখীয়া শিল্পী আৰু শিল্প সাধকৰ লগতে বিভিন্ন স্তৰৰ দ্ৰৰিদ্ৰ মানুহৰ বাবে কাম কৰিছে, বহু দূখীয়া প্ৰতিভাবান ব্যক্তিৰ মূখত হাঁহি বিৰিঙাইছে ৷ অসমত প্ৰায় মৃতপ্ৰায় ফুটবল খেলৰ প্ৰতি যুবচামক আকৰ্ষিত কৰিবৰ বাবে জুবিনে শিল্পীসকলক লৈ অসমৰ বিভিন্ন ঠাইত ফুটবল খেলিছে ৷ আজি কোনোবা ব্যক্তিয়ে যিকোনো বিপদত যদি তেওঁৰ কাষলৈ গৈছে কাকো বিমূখ কৰা নাই , পাৰ্যমানে সহায় কৰিছে ৷ প্ৰতিবছৰে বানপানীৰ সময়ত আৰ্তজনৰ কাষলৈ গৈছে ৷ পথে পথে ৰাইজৰ পৰা দান বৰঙণি সংগ্ৰহ কৰি আৰ্তজনৰ হাতত তুলি দিছে ৷ বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষনা কৰিবলৈ আহ্বান জনাইছে ৷

অন্যহাতে, জুবিনে অভিনয়ৰে ইতিমধ্যেই ৰাইজৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে ৷ বাকী কেইখনৰ লগতে ‘দীনবন্ধু’ আৰু ‘মন যায়’ এই দুখন ছবিত জুবিনে যি দুৰ্দান্ত অভিনয় কৰিছে সেয়া ৰাইজে কাহানিও পাহৰিব নোৱাৰে ৷ আটাইতকৈ ডাঙৰ কথাটো হ’ল , অসমৰ চলচ্চিত্ৰ উদ্যোগটোৰ আজিৰ এই দূৰ্যোগৰ সময়ত অকলেই প্ৰায় তিনি কোটি টকা খৰচ কৰি ‘মিছন চাইনা’ নিৰ্মাণ কৰিবলৈ কৰা যি মৰসাহ কৰিলে, সেয়া কেৱল জুবিনেহে কৰিব পাৰে ৷ যিটো সময়ত অসমৰ মানুহে অসমীয়া ছবি চাবলৈ ছবিঘৰলৈ নাহে বাবে অসমৰ বহু আগশাৰীৰ চিত্ৰ নিৰ্মাতা, পৰিচালকে ছবি নিৰ্মাণ কৰিবলৈ পাছ হুহকিছে, তেনে সময়ত বলিউডৰ ছবিৰ সমানে ফেৰ মাৰিব পৰাকৈ শেহতীয়া সকলো উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি, শেহতীয়া উন্নত কেমেৰাৰ ব্যৱহাৰৰে দৃশ্যগ্ৰহণ কৰি যুৱচামক সম্পূৰ্ণ এণ্টাৰেটইণ্টমেণ্ট কৰিব পৰাকৈ , আজিৰ তাৰিখত দৰ্শকে বিচৰা ধৰণৰে অকলে এখন ব্যয়বহুল, ভাল ছবি নিৰ্মাণৰ বাবে আগবাঢ়ি অহাটোৱে নিশ্চিতভাৱে জুবিনৰ প্ৰতি প্ৰতিগৰাকী অসমীয়াৰ মৰম আৰু আকৰ্ষণ বহুগুণে বৃদ্ধি কৰিলে ৷

অসমৰ বাবে , অসমৰ সাংস্কৃতিক – সামাজিক ক্ষেত্ৰখনৰ বাবে তেওঁ অহৰহ কিবাকিবি কৰাৰ প্ৰয়াস কৰি আহিছে ৷ আৰু জুবিনৰ এই কিবা কিবি কৰাৰ মানসিকতাই প্ৰতিটো প্ৰজন্মৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে ৷ আজি যুবচামে তেওঁক ‘গডফাদাৰ’ জ্ঞান কৰে , তেওঁক প্ৰতিপলে অনুসৰণ কৰে, মানে ৷ নিশ্চিতভাৱে আজিৰ তাৰিখত অসমৰ জনসমাজত সূধাকন্ঠ ড° ভূপেন হাজৰিকাৰ পাছতে জুবিন গাৰ্গে স্থান কৰিব ৷ জুবিনে দিন ৰাতি একাকাৰ কৰি কষ্ট কৰে অসমৰ বাবে, অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে ৷ নতুন সৃষ্টিৰ তাড়নাত অহৰহ ব্যস্ত থাকে ৷ অসমখনক তেওঁ বহু কিবা কিবি দিব বিচাৰে ৷ স্পষ্টবাদী হোৱা বাবে কিবা কথাত জুবিন ক্ষুণ্ণ হ’লে তেওঁ মাত মাতিবই , কাকো ভয় নকৰে ৷ যিটো ক’ব , খাৰাংখাচ্ কৈ দিব ৷ সেয়ে হয়তু বিতৰ্কইও জুবিনৰ পাছ নেৰে ৷ ভালে বেয়াইহে মানুহ ৷ জুবিনো ব্যতিক্ৰম নহয় ৷ তেওঁৰ কিবা এটা বেয়া দেখিলে , বিতৰ্কিত হ’লে তেওঁক ভালপোৱা ব্যক্তি হিচাপে আমিও দুখ পাঁও ৷ খং উঠে ৷ আমি কামনা কৰিম – মানুহৰ বাবে , অসমখনৰ বাবে সদায় কাম কৰি যোৱা জুবিন সদায় প্ৰতিটো কামতে সফল হওঁক ৷ জুবিন আমাৰ গৌৰৱ – আমাৰ হৃদয়ৰ স্পন্দন ৷ জুবিনক লৈ সততে হোৱা অহেতুক বিতৰ্কবোৰ নোহোৱা হওঁক ৷ জুবিনেও বিতৰ্কিত কাম কাজ কথা বতৰাবোৰ এৰি চলক ৷ পুনৰ বহু প্ৰত্যাশিত ছবি, জুবিনৰ সংগীত জীৱনৰ সকলো উপাৰ্জনৰ টকা খৰচ কৰি সাহসেৰে অসমীয়া ছবি জগতলৈ এক নতুন দিগন্তৰ সূচনা কৰাৰ মহান প্ৰয়াসৰে নিৰ্মাণ কৰা ‘মিছন চাইনা’ই সাফল্যৰ শিখৰত আৰোহন কৰক এই কামনা কৰিলো ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*