অসম

অগপৰ মূখপাত্ৰৰ দায়িত্ব নাজিৰাৰ জিতু বৰগোহাঞিলৈ

শিমলুগুৰিৰ পৰা নেকিবুল হক, প্ৰথম খবৰ: অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই আজি দলটোৰ মূখপাত্ৰসকলক নিযুক্তি দিয়ে।দলৰ ৰাজনৈতিক তথা সাংগঠনিক কাৰ্যসূচী বৃদ্ধি পোৱাৰ সময়তে তাৎপৰ্যপূৰ্ণভাৱে আজি দলীয় মূখপাত্ৰ সকলৰ নাম ঘোষণা কৰে। মূখপাত্ৰ হিচাপে মনোজ শইকীয়া(তত্বাৱধায়ক), সত্যব্ৰত কলিতা, দিলীপ পাটগিৰি, দিবস ফুকন, পোনাকণ বৰুৱা, বৰদা কলিতা, সুনীল ডেকা, তপন দাস আৰু নাজিৰা সমষ্টিৰ জনপ্ৰিয় যুৱনেতা জিতু বৰগোঁহাইক দায়িত্ব অৰ্পণ কৰিছে।

জিতু বৰগোহাঞিক অগপ দলে এই গুৰুত্বপূৰ্ণ দায়িত্ব দিয়াত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে নাজিৰাৰ অগপ কৰ্মী সকল তথা সমৰ্থক মহল।

Related Articles

Leave a Reply

Close