শেহতীয়া
Home / বিনোদন / অনুপম খেৰ এফটিআইআইৰ নতুন চেয়াৰমেন

অনুপম খেৰ এফটিআইআইৰ নতুন চেয়াৰমেন

নিউজ ডেস্ক, প্ৰথম খবৰ: অৰ্জুনৰ স্থানত অনুপম৷ এফটিআইআইৰ অধ্যক্ষ নিযুক্তিক লৈ বিতৰ্কিত হৈ পৰা গজেন্দ্ৰ চৌহানৰ পিছত এইবাৰ চেয়াৰমেন পদত নিযুক্ত হৈছে অভিনেতা অনুপম খেৰ৷ ২০১৫ চনৰ ৯ জুনত অভিনেতা গজেন্দ্ৰ চৌহানক নিযুক্তি দিয়া হৈছিল বহু বিতৰ্কৰ মাজেদি৷

অৱশ্যে, নেশ্যনেল স্কুল অৱ ড্ৰামাকে ধৰি বহু অনুষ্ঠানৰ দায়িত্ব বহন কৰি অহা ৬২ বছৰীয়া অনুপম খেৰৰ নিযুক্তিক লৈ অৱশ্যে বিতৰ্ক এই পৰ্যন্ত নাই৷ ২০০৪ চনত পদ্মশ্ৰী, ২০১৬ চনত পদ্মভূষণেৰে সন্মানিত অনুপম খেৰে চাৰিশৰো অধিক হিন্দী ছবিত অভিনয় কৰিছে৷

পত্নী কিৰণ খেৰ অভিনেত্ৰী হোৱাৰ উপৰিও সাংসদ৷ অৱশ্যে অসহিষ্ণুতাৰ প্ৰসংগক লৈ অনুপম খেৰৰ কেতবোৰ মন্তব্যই বিগত বৰ্ষত সংবাদ শিৰোনাম দখল কৰিছিল৷ গজেন্দ্ৰ চৌহানৰ কাৰ্যকাল অন্ত পৰাৰ পিছতে নিযুক্তি দিয়া হৈছে অনুপম খেৰক৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*