অসম

অবৈধ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে মহিলা বাহিনীৰ অভিযান

কলিয়াবৰৰ গোলাপ শইকীয়া, প্ৰথম খবৰ: কলিয়াবৰ আৱকাৰী বিভাগৰ অস্তিত্বক নসাৎ কৰি পুনৰ মহিলাই চলালে অবৈধ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে অভিযান। এই দৃশ্য কলিয়াবৰৰ উলুৱনী গাঁৱৰ। আজি দিনৰ ভাগতে স্থানীয় মহিলাৰ এটি দলে সুৰা ব্যৱসায়ৰ লগত জড়িত দুজন যুৱকক হাতে-লোটে আটক কৰি আঠু কঢ়োৱাই কানত ধৰালে গাঁৱৰ মাজত।

উলুৱনী আৰক্ষী থানা এলেকাধীন উলুৱনী গাঁৱৰ মাজত জান লাঙি নামৰ এই যুৱক জনে দীৰ্ঘদিন ধৰি অবৈধ ভাৱে বিদেশী সুৰা মজুত কৰি কলিয়াবৰৰ বিভিন্ন স্থানৰ পান দোকান, গেলামালৰ দোকান, হোটেল আৰু ধাবা সমূহলৈ বিলাতী সুৰাৰ যোগান ধৰি আছিল। গাঁৱৰ মাজত সুৰা ব্যৱসায় চলাই অহা কাৰ্যৰ বিৰোধিতা কৰি একগোট হৈছিল  মহিলাসকল। সেয়েহে পহৰাৰ ব্যৱস্থা কৰিছিল  মহিলাসকলে।

অবৈধ সুৰা ব্যৱসায়ী জান লাঙিৰ ঘৰৰ পৰা বিলাতী সুৰা ক্ৰয় কৰিবলৈ আহোতেই আজি স্থানীয় মহিলাৰ পহৰাদাৰী দলটিয়ে আটক কৰে এই দুই অবৈধ সুৰা ব্যৱসায়ীক। মহিলাৰ ৰোষত পৰি দুই সুৰা ব্যৱসায়ীয়ে কাণত ধৰি আঠু কাঢ়িলে। ভৱিষ্যতে আৰু সুৰা ব্যৱসায়ৰ লগত জড়িত নোহোৱাৰ প্ৰতিশ্ৰুতি দিয়াত যুৱকদ্বয়ক যাবলৈ দিয়ে মহিলাৰ দলটিয়ে।

 

 

Related Articles

Leave a Reply

Close