অসম

অভিনেতা ঐ খাপলাঙৰ অন্তিম শ্ৰদ্ধা জ্ঞাপন বিভিন্ন দল-সংগঠনৰ

দেওমৰনৈৰপৰা  নিৰঞ্জন শইকীয়া, প্ৰথম খবৰ:  ৰং চেনেলৰ জনপ্ৰিয় অভিনেতা ঐ খাপলাং (ৰাহুল দাস) ৰ মৃত্যুৰ খবৰে অসমৰ লগতে নিজ গৃহ ভুমি দৰং জিলাৰ মংগলদৈত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । আজি দিনৰ ১২ বজাত মংগলদৈ খাপলাং কাই ৰ নশ্বৰ দেহ নিজ গৃহ ভুমি মংগলদৈ ত আহি পোৱাৰ লগে লগে দৰং জিলাৰ বিভিন্ন দল সংগঠনৰ লগতে বিশিষ্ট ব্যক্তিসকলে অভিনেতা ৰাহুল দাস ওৰফে ঐ খাপলাং কাইক অন্তিম শ্ৰদ্ধা জনাই।

খাপলাংকাইৰ নশ্বৰ দেহ নিজ গৃহলৈ আহি পোৱাৰ লগে লগে হাজাৰ হাজাৰ মানুহৰ সমাগম হয় আৰু সকলোৱে অন্তিম শ্ৰদ্ধাঞ্জলি জনাই । খাপলাং কাইৰ নশ্বৰ দেহত অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ধৰ্মেশ্বৰ দাসে মংগলদৈত আহি । ঐ খাপলাং কাইক অন্তিম শ্ৰদ্ধা জনাই সদৌ দৰং জিলা ছাত্র সন্থাৰ সভাপতি খনিন্দ্র ৰাজবংশী, আন্তঃমংগলদৈ ছাত্র সন্থাৰ সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকা, মংগলদৈ বিধান সভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসৰ লগতে বিভিন্ন দল-সংগঠনে ।

Related Articles

Leave a Reply

Close