শেহতীয়া
Home / অসম / অসমত উপস্থিত হৈছে শ্ৰীলংকাৰ পৰা অহা ৪৮ জনীয়া পৰ্যবেক্ষণৰ এটা দল

অসমত উপস্থিত হৈছে শ্ৰীলংকাৰ পৰা অহা ৪৮ জনীয়া পৰ্যবেক্ষণৰ এটা দল

নামতিৰপৰা ৰূপম বৰবৰা, প্ৰথম খবৰ: শিৱসাগৰ জিলাৰ এখন ঐতিহ্যমণ্ডত ঠাই  আমগুৰি নামতি অঞ্চল । এই অঞ্চলত চৰকাৰী কর্মসংস্থাপন নোপোৱা ৮০ শতাংশ নিবনুৱা যুৱকে সাঁচি খেতিৰ দ্বাৰা সংস্থাপিত হোৱাৰ পথ বাচি লৈছে। অঞ্চলটোত যুৱকৰ পৰা বয়োজ্যেষ্ঠলৈকে সকলোৱে সাঁচি পুলি ৰূপন কৰে। উপযুক্ত সময়ত সেই সাঁচি পুলিবোৰ ডাঙৰ হোৱা লগে লগে তেওঁলোকে কোনো এজন ব্যৱসায়ীক বিক্রী কৰে।

শিৱসাগৰ জিলাৰ বাবে গৌৰৱৰ কথা যে, নামতিত উপস্থিত হৈছেহি সুদূৰ শ্ৰীলংকাৰ পৰা অহা এটা ৪৮ জনীয়া দল। অনবৰতে চোৰাং সৰবৰাহ কৰাৰ ক্ষেত্ৰত বাতৰিৰ শিৰোণাম দখল কৰে সাঁচি গছে। এই সাঁচি গছ অসমৰ গোলাঘাট, তিতাবৰ আৰু শিৱসাগৰ জিলাৰ নামতিত পোৱা যায় বুলি জনাজাত।

সেয়ে এই দলটো আহিছে সাঁচি গছৰ ওপৰত পৰ্যবেক্ষণ কৰিবলৈ। সদৌ অসম সাঁচি খেতিয়ক সংস্থা (আচগা)ৰ সভাপতি বিকাশ বৰাৰ উদ্দ্যোগত অহা  শ্ৰীলংকাৰ দলটোৱে নামতি অঞ্চলৰ বিভিন্ন সাঁচি গছৰ বাৰীত সোমাই সাঁচি গছ দেখি আনন্দত আত্মহাৰা হৈ কোনোবে যদি চেলফি তুলিছে, কোনোৱে আকৌ কেমেৰাত আৱদ্ধ কৰিলে সাঁচি গছৰ ফটো।

শ্রীলংকাৰ পৰ্যবেক্ষকৰ দলটোৱে সাঁচি গছৰ ব্যৱসায়টো আন্তঃৰাষ্ট্ৰীয় বজাৰত জিলিকাই তুলিবলৈ এই পৰ্যবেক্ষণ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে । লগতে খেতিয়কসকলে কম মূল্যত  বিক্ৰী কৰি ধনীক গোষ্ঠীক ধনী কৰাত সহায় কৰিছে বুলিও উল্লেখ কৰে।

ইফালে, সদৌ অসম সাঁচি খেতিয়ক সংস্থা (আচগা)ৰ প্রতিনিধিসকলে সাঁচি ব্যৱসায় সন্দর্ভত নামতি ক্লাৱত এখন সভা অনুষ্ঠিত কৰি শ্রীলংকাৰ পৰ্যবেক্ষকৰ দলটোক একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনায় । অসমৰ অসমীয়াৰ গৌৰৱৰ  গামোচাৰ নামহে শুনা পৰ্যবেক্ষকৰ দলটোৱে প্রথম বাৰৰ বাবে গামোচাখন পাই আনন্দত উৎফুল্লিত হৈ পৰাৰ লগতে অসমবাসীক ধন্যবাদ জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*