শেহতীয়া
Home / অসম / অসমৰ মানচিত্রৰ এটুকুৰা মাটিও নগা চুক্তিক নিদিওঁ–প্ৰদ্যুৎ বৰদলৈ

অসমৰ মানচিত্রৰ এটুকুৰা মাটিও নগা চুক্তিক নিদিওঁ–প্ৰদ্যুৎ বৰদলৈ

নিউজ ডেস্ক,প্ৰথম খবৰ: অসমৰ মানচিত্রৰ এটুকুৰা মাটি নগা বিদ্ৰোহী চুক্তিৰ স্বাৰ্থত আমি এৰি নিদিওঁ বুলি আজি এক সংবাদমেল যোগে অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি প্ৰদ্যুৎ বৰদলৈয়ে ঘোষনা কৰে|
তেওঁ অসম চৰকাৰক কটাক্ষ কৰি কয় যে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সন্মুখত ৰাজহাড় পোনাই থিয় দি কথা কোৱাৰ সৎ সাহস নাই| সেয়ে এই চুক্তিৰ ক্ষেত্রত নৰেন্দ্ৰ মোডীৰ সন্মুখত সম্পূৰ্ণ নিমাত সৰ্বানন্দ সোণোৱাল চৰকাৰ|
উল্লেক্ষ্য যে,নাগালিমৰ সম্পৰ্কে অসম চৰকাৰৰ মতামত বিচাৰি কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰলৈ এখন গোপন পত্র প্ৰেৰণ কৰি ‘ফ্ৰেম্ ওৱাৰ্ক এগ্ৰিমেণ্ট’ সম্পৰ্কে মতামত বিচাৰিছে বুলি সংবাদ মাধ্যমত প্ৰকাশ হৈছে|
প্ৰদ্যুৎ বৰদলৈয়ে কয় আমি আগৰ পৰাই এই চুক্তিৰ প্ৰৱল বিৰোধিতা কৰি আহিছো আৰু কৰি যাম|লগতে তেঁও এই এগ্ৰিমেণ্ট খন ৰাজহুৱা কৰিবলৈ দাবী জনায়| এই এগ্ৰিমেণ্টৰ জৰিয়তে মনিপুৰ, অৰুণাচল প্ৰদেশৰ লগতে অসমৰ বহু কেইখন জিলাৰ ভূমি নাগালিমত চামিল হব বুলি তেওঁ প্ৰকাশ কৰে|

Leave a Reply

Your email address will not be published. Required fields are marked *

*