অসম

অসম নাগালেণ্ড সীমান্তত উত্তাল কৰি তুলিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে

মেৰাপানীৰপৰা দিপু মেচ, প্ৰথম খবৰ: তেজ দিম নাগালিমক মাটি নিদিওঁ শ্ল’গানেৰে অসম নাগালেণ্ড সীমান্তৰ মেৰাপানী উত্তাল কৰি তুলিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। বৰষুণকো নেওচি কেইবা সহস্ৰাধিক জনসাধাৰণৰ উপস্থিতিত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, চুতীয়া ছাত্ৰ সন্থা, আটাচু, আহোম সেনা, সাংবাদিক সংস্থাৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে নেচনেল এলায়েন্স অব পিপলচ মভমেন্টৰ নেত্ৰী ৰুমা চৌধুৰী উপস্থিত থাকি জনসাধাৰণক সম্বোধন কৰে।

বক্তাসকলে অসমৰ ভৌগোলিক অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই স্বাক্ষৰ কৰা ফ্ৰেমৱৰ্ক চুক্তিৰ তীব্র বিৰোধিতা কৰে। ৰুমা চৌধুৰীয়ে অখিল গগৈৰ কণ্ঠৰোধ কৰাৰ উদ্দেশ্যৰে কাৰাগাৰলৈ নিক্ষেপ কৰা ঘটনাক ধিক্কাৰ প্ৰদান কৰাই নহয় ভাৰতজোৰা আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।

বিজেপিক শাসনৰ পৰা উফৰাই দিয়াৰ আহ্বান জনাই ৰুমা চৌধুৰীয়ে ৰাইজক সহযোগ কামনা কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অনাগত দিনত কেন্দ্ৰৰ এই অসম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ গণসংগ্ৰাম গঢ়ি তুলিবলৈ সংকল্প গ্ৰহণ কৰে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close