অসম

অসম সাহিত্য সভাৰ ৭৪ সংখ্যক অধিৱেশন ফিল’বাৰী কণিষ্ঠ মহাবিদ্যালয়ত সজাগতা সভা সম্পন্ন

ফিল’বাৰীৰপৰা সুৰজিৎ বড়া, প্ৰথম খবৰ: আজি ফিল’বাৰী কণিষ্ঠ মহাবিদ্যালয়ৰ প্ৰায় ছশ ছাত্ৰ-ছাত্ৰীৰ মাজত অসম সাহিত্য সভাৰ ৭৪ সংখ্যক বুঢ়ীদিহিং-বৰডুমচা অধিৱেশনৰ আদৰণি সমিতিয়ে এক সজাগতা সভা অনুষ্ঠিত কৰে। আগন্তুক বৰ্ষৰ ১,২,৩ আৰু ৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া আজিৰ সভাত আদৰণি সমিতিৰ অন্যতম উপসভাপতি বৈকুণ্ঠ সোণোৱালৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁ‌ত ধৰে আদৰণি সমিতিৰ অন্যতম সম্পাদক কিশোৰ বৰুৱাই।

কণিষ্ঠ মহাবিদ্যালয়খনৰ অধ্যক্ষ তুলসী উপাধ্যায়ে আদৰণি ভাষণ আগবঢ়োৱাৰ পিছতে আদৰণি সমিতিৰ অন্যতম সাধাৰণ সম্পাদক ৰবীন মৰাণ, কোষাধ্যক্ষ লৱন কুমাৰ দহোটীয়া, স্মৃতি গ্ৰন্থৰ সম্পাদক সুৰজিৎ বড়া, শিক্ষয়িত্ৰী নিৰদা বৰা, ছাত্ৰ একতা সভাৰ সম্পাদক ভাস্কৰ প্ৰতীম বড়া আদিয়ে বক্তব্য ৰাখে। সভাত অধ্যক্ষ তুলসী উপাধ্যায়ক সভাপতি,  ছাত্ৰী মনালিছা মৰাণক উপসভাপতি আৰু ছাত্ৰ ভাস্কৰ প্ৰতীম বড়াক সম্পাদক হিচাপে লৈ এখন সমন্বয়ৰক্ষী সমিতি গঠন কৰা হয়। এই সমিতিখনে সৰ্বতোপ্ৰকাৰে আগবঢ়াই নিবলৈ সংকল্পবদ্ধ হয়।

Related Articles

Leave a Reply

Close