অসমশীৰ্ষ

অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী ডা: বৰ্মণক গুৱাহাটীলৈ স্থানান্তৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: নলবাৰী জিলাৰ বেলশৰত গুৰুতৰভাৱে অসুস্থ হৈ পৰা প্ৰাক্তন মন্ত্ৰী ডা: ভূমিধৰ বৰ্মনক সংকটজনক অৱস্থাত গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী বেলশৰত হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকৰ পৰামৰ্শ মতে ১০৮ এম্বুলেঞ্চৰে ডাঃ বৰ্মনক নলবাৰীৰ পৰা প্ৰেৰণ কৰা হৈছে গুৱাহাটীলৈ৷ ৮৭ বছৰীয়া জ্যেষ্ঠ কংগ্ৰেছ নেতাজনৰ আশুআৰোগ্য কামনা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close