অসমশীৰ্ষ

আজিও ৰহস্যৰ আৱৰ্তত ডানিয়েলৰ হত্যাকাণ্ড, ন্যায় পাবনে পৰিয়ালে?

ভুৱন শইকীয়া, প্ৰথম খবৰ, গহপুৰ: ২০০০ চনৰ ২৭ ছেপ্টেম্বৰ। অভিশপ্ত এই দিনটোতে হত্যা কৰা হৈছিল গহপুৰৰ এটি প্ৰতিবাদী সত্তা। হত্যা কৰা হৈছিল শোষিত – নিষ্পেষিত চাহ জনজাতি আৰু আদিবাসী ৰাইজৰ বৃহত্তৰ স্বাৰ্থত কাম কৰা এজন সংগ্ৰামী যুৱকক। নাম তেওঁৰ ডানিয়েল তপ্ন। গহপুৰৰ সকলো শ্ৰেণী মানুহৰ মাজত জনপ্ৰিয়তা থকা ডানিয়েল তপ্নৰ হত্যাই সেই সময়ত জোকাৰি গৈছিল সমগ্ৰ অসম। প্ৰতিবাদত উত্তাল হৈছিল গহপুৰ। কংগ্ৰেছ আৰু অগপ দলে আৰম্ভ কৰিছিল বোকা- ছটিওৱা ৰাজনীতি। উল্লেখ্য যে ১৯৯১ আৰু ১৯৯৬ চনৰ নিৰ্বাচনত ডানিয়েল তপ্নই নিৰ্বাচনত ক্ৰমে নিৰ্দলীয় আৰু তেৱাৰী কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে চতুৰ্থ আৰু এবাৰ তৃতীয় স্থান লাভ কৰিছিল। গহপুৰ আৰক্ষীয়ে হত্যা কাণ্ডৰ চাৰি দিন পিছতে গ্ৰেপ্তাৰ কৰি গহপুৰৰ দুজন স্থানীয় কংগ্ৰেছ নেতাক জেললৈ প্ৰেৰণ কৰিছিল। ১৮৩/২০০০ নম্বৰৰ গোচৰত তেতিয়াৰ কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ নামো সাঙোৰ খাই পৰাত তেওঁ আগতীয়া জামিন লব লগা হৈছিল। ২০০১ চনত মে মাহত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰাৰ পিছত গোচৰটোৱে নতুন মোৰ ল’লে। নিৰ্বাচনৰ পূৰ্বে ক্ষমতালৈ আহিলে চি বি আইৰ তদন্ত দিম বুলি প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনে চি আই ডিৰ তদন্ত ঘোষণা কৰিলে। চি আই ডিৰ তদন্তত ৰিপুণ বৰাক ক্লিনছিট দি নাৰায়ণ গৌড় নামৰ এজন চাহ জনজাতি নেতাকহে উক্ত হত্যাত জড়িত বুলি জেল হাজোতলৈ প্ৰেৰণ কৰা হল। ডানিয়েলৰ পৰিয়াল মুথেই সন্তুষ্ট নহল এই তদন্তত। সেয়েহে গুৱাহাটী উচ্চ ন্যায়ালয়ত চি বি আইৰ তদন্তৰ দাবীত ৰীট আবেদন দিলে। সেই মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত তেতিয়াৰ কংগ্ৰেছ চৰকাৰখনে চি বি তদন্তৰ দায়িত্ব অৰ্পণ কৰে ২০০৫ চনত। চি বি আই ৰ তদন্তৰ ৰিপ’ৰ্ট এবছৰৰ ভিতৰত জমা দিবলৈ ন্যায়ালয়ে নিৰ্দেশ দিছিল যদিও শামুকীয়া গতিত চলিল তদন্ত। তাৰ মাজতে ২০০৮ চনৰ ৩ জুনত তেতিয়াৰ মন্ত্ৰী ৰিপুণ বৰাক নতুন দিল্লীৰ জুকাচ ইন হোটেলত চি বি আইক উৎকোচ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰি টিহাৰ জেললৈ প্ৰেৰণ কৰাৰ কথা সৰ্বজনবিদিত। তদন্ত চলি থকা সময়তে তদন্ত কাৰী বিষয়া এ বি গুপ্তাৰো মৃত্যু হয়। পিছত ৰিপুণ বৰাই দুয়োটা গোচৰতে আদালতৰপৰা ক্লিনছিট পাবলৈ সক্ষম হয়। জীৱিত কালত পুত্ৰৰ হত্যাৰ ন্যায় পাম বুলি বাট চাই চাই আজি মৃত্যুক সাৱতি ললে মাকে। পুত্ৰৰ স্মৃতি লৈ আজিও জীয়াই থকা পিতৃ আন্ধিয়াচ তপ্ন জীয়াই থাকোঁতেই ডানিয়েলৰ প্ৰকৃত হত্যাকাৰী আৰু ইয়াৰ আঁৰৰ অদৃশ্য শক্তি কোন ধৰা পৰিবনে? এসময়ত ডানিয়েল তপ্নৰ পৰিয়ালক ন্যায় দিবলৈ আইনী যুজত অৱৰ্তীণ হোৱাত সহায় কৰা তেতিয়াৰ অধিবক্তা আৰু এতিয়াৰ সাংসদ আৰ পি শৰ্মাৰ কৰণীয় একো নাইনে? মন্ত্ৰী পল্লৱ লোচন দাস, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু ৰামেশ্বৰ তেলীয়ে কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপি চৰকাৰক পৰিয়ালটোক ন্যায় দিবলৈ হেঁচা প্ৰয়োগ কৰিবনে?ডানিয়েল তপ্নক হাড়ে – হিমজুৱে ভাল পোৱা সকলৰ বাবে আজিৰ তাৰিখত এইকেইটা কোটিটকীয়া প্ৰশ্ন।

Related Articles

Leave a Reply

Close