শেহতীয়া
Home / অসম / আজি চিচষ্টাৰ পাৰ্স্কেলৰ শেষকৃত সম্পন্ন অগনন লোক উপস্থিত

আজি চিচষ্টাৰ পাৰ্স্কেলৰ শেষকৃত সম্পন্ন অগনন লোক উপস্থিত

বৰগাঙৰ পৰা দিগন্ত শইকীয়া, প্ৰথম খবৰ: আজি দিনৰ প্ৰায় ১২ বজাত বিহালীস্থিত কেথলিক হাস্পাতলৰ চৌহদত চিচষ্টাৰ পাৰ্স্কেলৰ শেষকৃত সম্পন্ন হয়৷ যোৱা ১০ অক্টোবৰত বিহালী মোনাবাৰীৰ নিউলাইনৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাঁইপথত এক মুখামুখি পথ দুৰ্ঘটনাত মৃত্যু হৈছিল চিচষ্টাৰ পাৰ্স্কেল৷ বৰ্ষীয়ান সমাজ সেৱীগৰাকীয়ে কেইবাটাও দশক ধৰি ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ লগত জড়িত হৈ মানৱ সেৱা আগবঢ়াই আহি আছিল।
বৰ্ষীয়ান সমাজ সেৱী গৰাকীৰ অকাল মৃত্যত সমগ্ৰ বিহালীত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে৷ আজি আনুষ্ঠানিকভাৱে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰ মাজৰে চিচষ্টাৰ পাৰ্স্কেলৰ শেষকৃত সম্পন্ন কৰা হয় ৷
এই সময়ছোৱাত উত্তৰ অসমৰ লগতে অৰুণাচল প্ৰদেশৰ ৩০ গৰাকী ফাডাৰ উপস্থিত থকাৰ লগতে প্ৰায় শতাধিক গণ্য-মান্য লোক উপস্থিত থাকে ৷

উল্লেখ্য যে, ১৯২৪ চনৰ ২ অক্টোবৰ তাৰিখে কেৰেলাৰ কেথিমাট্টাম জিলাৰ কট্টায়াম গাঁৱত জন্মত গ্ৰহণ কৰি ১৯৪৬ চনৰ ১৫ আগষ্টত ২৪ বছৰ বয়সত আজীৱন মানৱ সেৱা কৰাৰ মানসৰে যোগদান কৰিছিল কেথলিকৰ স্বাস্থ্য সেৱাত৷ আনহাতে বৰ্ষীয়ান সমাজ সেৱিকা গৰাকীৰ অন্তিম সময়ছোৱাত তেখেতৰ জ্যেষ্ঠ ভাতৃৰ জীয়ৰী শ্যেলী ৰয়, ভগ্নীৰ জীয়ৰী মেৰীকে থমাছ আৰু জোঁৱায়েক ক্ৰমে এম জে জেমছ্ , কে জে মনু উপস্থিত থাকে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*