Uncategorized

আজি ধনৰ অধিষ্ঠাত্ৰী লক্ষ্মী পূজা

প্ৰথম খবৰ,গুৱাহাটীঃ আজি ধনৰ অধিষ্ঠাত্ৰী লক্ষ্মী পূজা। দুৰ্গোৎসৱৰ পিছতেই এতিয়া লক্ষ্মী দেৱীৰ পূজা-অৰ্চনাত ব্যস্ত হৈ পৰিছে ৰাজ্যবাসী। ইতিমধ্যে লক্ষ্মীদেৱীক আদৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলিছে সকলোতে। কামনা কৰিছে যাতে ধনে-ধানে পৰিপূৰ্ণ হৈ উঠে। নগৰ-চহৰৰ বজাৰ-সমাৰসমূহ ভৰি পৰিছে পথাৰৰ ধান, বাৰীৰ তামোল-পাণেৰে। বজাৰসমূহ ভৰি পৰিছে স্থানীয় খনিকৰৰ দ্বাৰা নিৰ্মিত মৃণ্ময় প্ৰতিমাৰে।

বজাৰসমূহত দেখিবলৈ পোৱা গৈছে গ্ৰাহকৰ প্ৰবল ভিৰ। এচাম ব্যৱসায়ীয়ে আকৌ সামগ্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি সামগ্ৰীসমূহৰ দাম অত্যধিক কৰা পৰিলক্ষিত হৈছে। যিটো উৎসৱ-পাৰ্বণসমূহত সততে পৰিলক্ষিত হয়। কিন্তু উৎসাহ কমা নাই ভক্তপ্ৰাণ ৰাইজৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close