Home / অসম / আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ’ল জাজৰিৰ বাৰ্ষিক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ’ল জাজৰিৰ বাৰ্ষিক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

বটদ্ৰৱাৰপৰা মানস জ্যোতি মহন্ত, প্ৰথম খবৰ::সমগ্ৰ বিশ্বত এতিয়া ফুটবলৰ জ্বৰ। বিশেষকৈ FIFA অনুর্ধ ১৭ বিশ্বকাপ ৰ উন্মাদনাই যেন এতিয়া বাৰুকৈয়ে থিতাপি লৈছে চহৰ-গাঁও সকলোৰে মন মগজুত। সমগ্ৰ বিশ্ববাসীৰ এই উন্মাদনৰ পৰা যেন বাদ পৰি ৰোৱা নাই বৃহত্তৰ বটদ্ৰৱা সমষ্টি ৰ জাজৰী বাসীও। নৱ প্ৰজন্মৰ বহু কিশোৰ কিশোৰীয়ে বৰ্ত্তমান ক্ৰিকেট ক অধিক প্ৰাধান্য দিয়াৰ মুহূৰ্ত্বতে ফুটবল ক অধিক জনপ্ৰিয় কৰি তোলাৰ মহৎ স্বাৰ্থ আগত ৰাখি যোৱা ১৮ অক্টোবৰ ৰ পৰা জাজৰি আঞ্চলিক ক্ৰীড়া সন্থাই আয়োজন কৰিছে মৰহুম দালনোৰ আলী আৰু স্বঃ যতীন বৰদলৈ সোঁৱৰণি আন্তঃজিলা বাৰ্ষিক প্ৰাইজমানি ফুটবল ট্যুৰ্ণামেণ্ট।

উক্ত প্ৰতিযোগিতা ৰ প্ৰথম খন খেল অনুষ্ঠিত হয় ৰহা কতহগুৰি ফুটবল ক্লাব আৰু নৱম অসম আৰক্ষী বেটেলিয়ন বৰহমপুৰৰ মাজত য’ত ৰহা কতহগুৰি দলে নৱম আৰক্ষী বেটেলিয়ন দলক ১-০ গলত পৰাভূত কৰে। তদুপৰি উক্ত প্ৰতিযোগিতা ৰ দ্বিতীয়খন খেল অনুষ্ঠিত হয় শিলপুখুৰী সমবায় সমিতি আৰু সুনাপুৰ ১১ ষ্টাৰ ক্লাবৰ মাজত। তীব্ৰ উত্তেজনা বিৰাজ কৰা উক্ত খেল খনৰ প্ৰথম ৪৫ মিনিটত উভয় দলে ১-১ গলত সমতা স্থাপন কৰিবলৈ সক্ষম হৈছিল যদিও পৰৱৰ্তী ৪৫ মিনিট ত শিলপুখুৰী সমবায় সমিতিয়ে উপৰ্যুপৰি দিয়া ৩টা গল ত যেন ধৰাসায়ী হৈ পৰে সুনাপুৰৰ দলটি। খেলৰ শেষ মুহূৰ্ত লৈ দুয়ো দলৰ গল ৰ ব্যৱধান আছিল ৪-১। শিলপুখুৰী দলটোৰ খেলুৱৈ সকলৰ সুন্দৰ কৌশলপূৰ্ণ খেলত যেন মন্ত্রমুগ্ধ হৈ পৰে খেল উপভোগ কৰিবলৈ অহা কমেও অৰ্দ্ধ সহস্ৰাধিক জনতা।
প্ৰথম দিনৰ খেলৰ প্রাকক্ষনত অনুষ্ঠিত এখন আদৰণি সভাত জাজৰি আঞ্চলিক ক্ৰীড়া সন্থা তথা খেল পৰিচালনা সমিতিৰ সভাপতি, বিশিষ্ট অভিনেতা অকাশদ্বীপ ডেকাৰ লগতে উপস্থিত থাকে সম্পাদক মঃ মেহবাবুৰ ৰহমান আৰু সমিতিৰ সমূহ বিষয়ববীয়া। উক্ত সভাৰ পৰাই সভাপতি অকাশদ্বীপ ডেকাই সমূহ খেলুৱৈ লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অতি ক্ষিপ্ৰভাৱে জাজৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ পকী পেভিলিয়ন নিৰ্মান কৰাৰো আশ্বাস প্ৰদান কৰে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*