অসম

আমগুৰিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কল ভূৰত উটুৱালে সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি

জাঁজীৰ পৰা ধ্রুৱজ্যোতি ভট্টাচাৰ্য, প্ৰথম খবৰ: নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ বিৰোধীতাৰে আজি ছাত্ৰ মুক্তিৰ আমগুৰি আঞ্চলিক সমিতিয়ে সৰ্বানন্দ সোণোৱালক চৰম সকিয়নী প্ৰদান কৰি এক কোটি হিন্দু বাংলাদেশী অসমত সংস্থাপনৰ বিপৰীতে সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি কলগছৰ ভূৰত জাঁজী নদীৰ বুকুৰে ব্ৰক্ষপুত্ৰ হৈ বাংলাদেশলৈ উটোৱাই দিয়ে। লগতে বাংলাদেশীৰ প্ৰতি দৰদী সোণোৱালক বাংদেশতেই নাগৰিকত্ব গ্ৰহণ কৰাৰ আহ্বান জনাই।

প্ৰতিবাদকাৰীসকলে সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিন্দু বাংলাদেশী হুচিয়াৰ, বিজেপি মুৰ্দাবাদ, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক, অসমীয়াৰ প্ৰভূত্ব ৰক্ষা কৰক ইত্যাদি বিভিন্ন চৰকাৰ বিৰূধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তুলে। ছাত্ৰ মুক্তিৰ জিলা সভাপতি দুলাল কলিতা, জিলা সাংগঠনিক সম্পাদক সুৰুয দিহিংগীয়া, আমগুৰি আঞ্চলিকৰ ৰবীন হাজৰিকা, দিপাংকৰ নেওগ, পলাশ গগৈ ইত্যাদি উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close