অসম

আমনিত এ টি এম সেৱা স্থাপনৰ দাৱী বিভিন্ন সংগঠনৰ

চামগুৰিৰ পৰা নৃপেন হাজৰিকা, প্ৰথম খবৰ: নগাঁও জিলাৰ ব্যৱসায়ৰ
অন্যতম হ্মেত্ৰ আমনিত দীৰ্ঘদিন ধৰি এ টি এম সেৱাৰ পৰা বঞ্চিত। বৃহত্তৰ আমনি অঞ্চলৰ ৰাইজৰ লগতে দূৰণিবটীয়া যাত্রীসকলেও অভাৱৰ সন্মূখীন হ’ব লগাত পৰিছে। মধ্য অসমৰ ব্যৱসায়ৰ অন্যতম কেন্দ্ৰ হিচাপে পৰিগণিত আমনিত দূৰ-দূৰণীৰ পৰা অহা বিভিন্ন ঠাইৰ যাত্রীসকলেও দিৱা-নৈশত ঢাৱা-ৰেষ্টুৰেণ্ট আদিত আহাৰ গ্ৰহণ কৰি বিল পৰিশোধ কৰাৰ সময়ত খুচুৰা টকা দিব নোৱাৰি এ টি এম সেৱা বিচাৰি হাবাথুৰি খোৱা পৰিলক্ষিত হয়।

বৃহত্তৰ আমনি অঞ্চলৰ ৰাইজে বিপদৰ সময়ত বেংকত জমা ৰখা নিজৰ প্ৰাপ্য ধন এ টি এম ৰ পৰা উলিয়াবলৈও বহু দূৰ বাটকুৰিব লগা হয়। জানিব পৰা মতে এই বিষয়ে চৰকাৰ তথা বেংকৰ শাখা প্ৰৱন্ধকক আমনি ব্যৱসায় সন্থা, আটচা চামগুৰি শাখা, আচা চামগুৰি শাখা লগতে আমনি সাৰ্বজনীন দুৰ্গোৎসৱ সমিতি আদি সংগঠনে এ টি এম সেৱা এটাৰ আৱশ্যকৰ কথা জনাই আহিছিল যদিও তৎসত্বেও আজি পৰ্য্যন্ত কাৰোৰে কানষাৰ নহ’ল। ফলত অঞ্চলৰ ৰাইজে দীৰ্ঘদিন বঞ্চনাত ভূগিব লগা হৈছে। সেয়ে অতিশীঘ্ৰে আমনিত সকলোৰে সুবিধাৰ হেতু এটা এ টি এম সেৱা স্থাপন কৰিলে বিভিন্ন সময়ত ভূগি অহা অসুবিধাৰ পৰা পৰিত্ৰাণ পাব বুলি উল্লেখিত সংগঠন আৰু সচেতন মহলে আহবান জনাইছে।

Related Articles

Leave a Reply

Close