বিনোদনৰাষ্ট্ৰীয়

আলিয়া vs. কেটৰিণা! আলিয়াক ক্ষমা নকৰে কেটৰিণাই 

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : বলীউদৰ দুগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ মাজত বৰ্তমান চলিছে মহাৰণ। কেটৰিণা কাঈফ আৰু আলিয়া ভাট্টৰ সম্পৰ্কত ফাঁট মেলা কথাটোৱে যথেষ্ট চৰ্চা লাভ কৰিছে। দৰাচলতে আলিয়াক জিমলৈ লৈ গৈ ট্ৰেইনিং দিছিল কেটৰিণাই। জিমৰ ক্ষেত্ৰত আলিয়া ভাট্ট ছিৰিয়াছ নহয় বুলি আপত্তি দৰ্শাই কেটৰিণাই টুইটাৰ যোগে প্ৰকাশ কৰে,”মই আলিয়াক ক্ষমা কৰিব নোৱাৰোঁ! জিমৰ ক্ষেত্ৰত ছিৰিয়াছ হোৱাটো ভাল।”

উল্লেখযোগ্য যে কেটৰিণা কাঈফে বলীউদত খোজ পেলোৱা দিনাৰ পৰাই যথেষ্ট কষ্ট কৰি মডেল হিচাপে নিজৰ শৰীৰটো ফিট কৰি তুলিছে। এই কথা কোনেও নুই কৰিব নোৱাৰে। তেনেক্ষেত্ৰত আলিয়াক লৈও হয়টো চিন্তিত কেটৰিণা কাঈফ।

Related Articles

Leave a Reply

Close