উত্তৰ পূবশীৰ্ষ

উত্তৰ-পূৰ্ব সীমান্তবাসীৰ বাবে সুখবৰ, আগৰতলাৰ পৰা আনন্দ বিহাৰলৈকে নতুন ৰাজধানী ট্ৰেইনৰ শুভাৰাম্ভ

প্ৰথম খবৰ, নিউজ ব্যুৰ’: আজি উত্তৰ-পূৰ্ব সীমান্ত ৰে’লৰ বাবে শুভ দিন। কাৰণ আজি আগৰতলাৰ পৰা আনন্দ বিহাৰ লৈকে এখন নতুন ৰাজধানী ট্ৰেইনৰ আৰম্ভ কৰা হৈছে। আজি আগৰতলা ৰে’ল ষ্টেচনত এই ট্ৰেইনখনৰ আনুষ্ঠানিক উদ্বোধন কৰে ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই। উপস্থিত আছিল ৰে’লৱেৰ বহু উচ্চপদস্থ বিষয়া।

লামডিং ৰে’ল ডিভিশ্যন অন্তৰ্গত নতুন এইখন ৰাজধানী ট্ৰেইন কিন্তু লামডিং ৰে’ল ষ্টেচনত নোহোমাই পাঠৰখোলা হৈ গুচি যাব। এই নতুন ট্ৰেইনখন লামডিং ৰে’ল ষ্টেচনৰ দিশে নহাৰ বাবে হতাশ হৈ পৰে লামডিঙৰ সচেতন মহল তথা লামডিং ৰে’ল ষ্টেচনৰ দোকানীসকলে।

উল্লেখ্য যে, লামডিং ৰে’ল ডিভিশ্যন ব্ৰিটিছ যুগৰ পৰা অতি পুৰণি ৰে’ল ডিভিশ্যন, লামডিং ৰে’ল ষ্টেচন হৈছে এখন গুৰুত্বপূৰ্ণ ৰে’ল জংচন কিন্তু কিহৰ বাবে এইখন নতুন ট্ৰেইন লামডিং হৈ নাযাব ইয়াক হৈ শংকিত হৈ পৰিছে লামডিঙৰ সচেতন মহল। যদি এনেদৰে লামডিং ৰে’ল জংচনত এখনৰ পৰা আনখন ট্ৰেইন অহা বন্ধ হৈ যায় ইয়াৰ প্ৰভাৱ পৰিব লামডিং অর্থনৈতিকৰ ওপৰত।

ৰে’ল চহৰ লামডিং কেৱল ৰে’লৰ ওপৰতে নিৰ্ভৰশীল। ইতিমধ্যে লামডিঙৰ পৰা বহু ৰে’ল শ্রমিকক ৰে’ল বিভাগে বদলি কৰিছিল যাৰ প্ৰভাৱ লামডিঙৰ অৰ্থনৈতিকৰ ওপৰত পৰিছে। ৰে’ল বিভাগে লামডিঙৰ বিৰুদ্ধে কিবা চক্ৰান্ত কৰিছে নে? ভৱিষ্যত লামডিং ৰে’ল ডিভিশ্যন লামডিঙৰ পৰা উঠি যাব নে এয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close