অসম

বেদেতী চাহ বাগিছা খেলপথাৰত প্ৰীতিমুলক ফুটবল খেল

বিহালীৰপৰা অম্লান কাশ্যপ চাহা, প্ৰথম খবৰ: পুনৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব শিল্পী জুৱিন গাৰ্গৰ সিদ্ধান্তমৰ্মে  অহা ২৭ অক্টোবৰ ২০১৭ তাৰিখে প্ৰীতিমুলক ফুটবল খেলখন বেদেতী চাহ বাগিছা খেলপথাৰত অনুষ্ঠিত হ’ব ৷

অহা ২৭ অক্টোবৰ তাৰিখে অনুষ্ঠিত হ’ৱলগীয়া খেলখনৰ সন্দৰ্ভত আয়োজক বিহালীৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন মৰ্ণিং ক্লাৱৰ সভাপতি সমীৰণ শৰ্মা বৰুৱাই জানিবলৈ দিয়ামতে পূৰ্বৰ দৰে প্ৰীতিমূলক খেলখন অনুষ্ঠিত কৰিবলৈ সকলো প্ৰস্তুতি গ্ৰহণ কৰিছে।

বানপীড়িত ৰাইজৰ সাহাৰ্যাৰ্থে অনুষ্ঠিত হ’বলগীয়া ফুটবল খেলখন সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলো ক্ৰীড়া প্ৰেমী ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ৷

Related Articles

Leave a Reply

Close