অসম

এফালে গুণোৎসৱ আনফালে উৰুখা পঁজাত পাঠদান, খবৰ নাই বিভাগীয় কৰ্তৃপক্ষ স্থানীয় বিধায়কৰ

মাৰ্ঘেৰিটাৰ পৰা ৰাণাজ্যোতি নেওগ, প্ৰথম খবৰ: ৰাজ্যৰ একাধিক জিলাৰ বিদ্যালয়সমূহত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ পালনৰ কাৰ্যসূচী চলিছে পূৰ্ণোদ্যমেৰে। একাংশ বিদ্যালয়ত জাকজমকতাৰে বিদ্যালয়ৰ এই উৎসৱটি উদযাপন কৰাৰ বিপৰীতে মাৰ্ঘেৰিটা শিক্ষা খণ্ডৰ অন্তৰ্গত ডিবংস্থ ভানুদয় প্ৰাথমিক বিদ্যালয়ত নাই তেনে প্ৰস্তুতি। যিহেতু চৰকাৰী বিদ্যালয় খনৰ নাই প্ৰয়োজনীয় আন্তঃগাঁঠনি। এটি কোঠাত ছটা শ্ৰেণীৰ পাঠদান চলি থকা বিদ্যালয় খনৰ উৰুখা পজা চলিত বৰ্ষৰ ৩ মে মাহত অহা এজাক বৰষুণত সম্পূৰ্ণ বিধ্বস্ত কৰিছিল। বহু আবেদন- নিবেদনৰ পাছতো চৰকাৰে বিদ্যালয় খনৰ আন্তঃ গাঠনিৰ বাবে মোকলাই দিয়া নাই সামান্য অনুদান।

গুৰুত্বপূৰ্ণ কথা, মাত্ৰ এটি কোঠাত ৬ টি শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বহোৱাই কৰা পাঠদানে কিমান উপকৃত কৰিছে সেইয়া চিন্তনীয় বিষয়। ভূতৰ ওপৰত দানহ পৰাৰ দৰে জৰাজীৰ্ণ আন্তঃ গাঠনিৰ বিদ্যালয় খনৰ টিন পাত বাহৰ বেৰ চলিত বৰ্ষৰ মে মাহত এজাক প্ৰচণ্ড ধুমুহা বতাহে উৰুৱাই নিয়াৰ পাছত প্ৰধান শিক্ষকে টিনপাত কেইখিলা লগোৱাই পাঠদান অৱ্যাহত ৰাখিছে যদিওঁ উন্মুক্ত হৈয়ে আছে মাত্ৰ এটা কোঠালিৰ বিদ্যালয়খন। ধুমুহা পাৰ হৈ গ’ল। বিদ্যালয় বিধ্বস্ত হৈয়ে ৰ’ল। কিন্তু নাহিল এবাৰো খবৰ ল’বলৈ চৰকাৰী প্ৰতিনিধি, স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা।

এই সম্পৰ্কে বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পাছতো কোনো ব্যৱস্থা নাই। তাৰ সলনি গাঁৱৰ ৰাইজৰ পৰা ধন সামগ্ৰী সংগ্ৰহ কৰি বিদ্যালয়খন সাজি লোৱাৰ পৰামৰ্শ হে দিছে বিভাগীয় কৰ্তৃপক্ষই।

Related Articles

Leave a Reply

Close