অসম

এবি এমছুৰ শ্বহীদ দিৱস আৰু আঞ্চলিক সমিতিৰ বাৰ্ষিক অধিৱেশনৰ আয়োজন

প্ৰথম খবৰ, ফকিৰাগ্ৰাম: দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ফকিৰাগ্ৰামৰ শিঙিমাৰী ৰাজহুৱা খেলপথাৰত এবি এমছুৰ অষ্টম বাৰ্ষিক শ্বহীদ দিৱসৰ উপৰি ফকিৰাগ্ৰাম আঞ্চলিক সমিতিৰ ষষ্ঠ দ্বি বাৰ্ষিক অধিবেশনৰ ব্যাপক প্ৰস্তুতি চলিছে৷ সংগঠনটোৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু ফকিৰাগ্ৰাম আঞ্চলিক সমিতিৰ সহযোগত অহা ২২ আৰু ২৩ অক্টোবৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা কাৰ্যসূচীৰ সফল ৰূপায়নৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷

শ্বহীদ দিৱস আৰু আঞ্চলিক সমিতিৰ অধিৱেশনৰ অভ্যৰ্থনা সমিতি সহ কোকৰাঝাৰ জিলা আৰু ফকিৰাগ্ৰাম আঞ্চলিক সমিতিৰ সভাপতি আৰু সম্পাদকে প্ৰকাশ কৰা মতে কাইলৈ অৰ্থাৎ ২২ তাৰিখে ৰাতিপুৱা ৯ বজাত শিঙিমাৰী ৰাজহুৱা খেলপথাৰত জিলা সমিতিৰ সভাপতি জহিৰুল ইছলাম আহমেদ, আঞ্চলিক সমিতিৰ সভাপতি আব্দুছ ছাত্তাৰ হুছেইন সহ সমুহ শাখা সমিতিৰ সভাপতিয়ে সংগঠনৰ পতাকা উত্তোলন কৰি কাৰ্যসূচী আৰম্ভ কৰিব৷

৯:৩০ বজাত ফকিৰাগ্ৰাম জামিয়া উম্মে হাবিবা বানাত মাদ্ৰাছাৰ মদাৰ্ৰিছ নিজামুদ্দিন সেখে শ্বহীদ সকলক আত্মাৰ চিৰশান্তি কামনা কৰি দোৱা কৰিব৷একেদৰে ১০ বজাত মুন্না আজিজ আহমেদৰ পৰিচালনাত খেল-ধেমালি, ১২ বজাত আাহানুৰ হুছেইনৰ পৰিচালনাত আকস্মিক বক্তৃতা আৰু বিয়লি ৩ বজাৰ পৰা মৌলানা আব্দুল মালিক, গাজিউৰ ৰহমান আৰু তাজ উদ্দিন সেখৰ পৰিচালনাত গজল আৰু কেৰাত পাঠ প্ৰতিযোগিতা অনুষ্টিত হ’ব৷ আনহাতে নিশা ৮ বজাত আব্দুছ ছাত্তাৰ হুছেইনৰ পৰিচালনাত ফকিৰাগ্ৰাম আঞ্চলিক সমিতিৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব৷আনহাতে ২৩ তাৰিখ সোমবাৰে ৰাতিপূৱা ৯ বজাত বৃক্ষৰোপন কৰিব ফকিৰাগ্ৰাম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পঙ্কজ ৰায়ে৷

বিয়লি ১ বজাৰ পৰা জিলা সভাপতি জাহিদুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিতব্য মুকলি সভাত সংগঠণটোৰ ভাৰপ্ৰাপ্ত সভাপতি আলী আজম সেখে মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ উপৰি প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ক্ৰমে আলহাজ মইজুদ্দিন মাহমুদ, ৰফিকুল ইছলাম আৰু আইন সংগত দলবদ্ধ ভাতৃ সূলভ পৰিষদৰ অধ্যক্ষ ইমদাদুৰ ৰহমান নিৰ্দ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব৷ প্ৰাক্তন জিলা সভাপতি মতিউৰ ৰহমানে মুকলি সভাত উদ্বোধনী ভাষন আগবঢ়াব৷ শ্বহীদ সকলক আত্মাৰ সদগতি কামনা কৰি দোৱা পাৰ্থনা পৰিচালনা কৰিব জামে মছজিদৰ ঈমাম মৌলানা আলতাফ হুচেইনে৷

মুকলি সভাত বিশিষ্ঠ অতিথি হিচাপে স্থানীয় বিধায়ক ৰবিৰাম নাৰ্জাৰী সহ এবি এমছুৰ প্ৰতিষ্ঠাপক সভাপতি মইনুল হক, সম্পাদক ছুলতান আলমৰ উপৰি বহু সংখ্যক বিশিষ্ঠ ব্যক্তিক আমন্ত্ৰন জনোৱাৰ উপৰি  বিভিন্ন সংগঠনৰ সভাপতি সম্পাদকক সন্মানীয় অতিথি হিচাপে আয়োজক সমিতিয়ে আমন্ত্ৰণ জনাইছে৷ দুদিনীয়া কাৰ্যসূচীত সৰ্বস্তৰৰ ৰাইজক উপস্থিত থাকি শ্বহীদ দিৱস আৰু আঞ্চলিক সমিতিৰ অধিৱেশনৰ কাৰ্যসূচী সফল ৰূপায়নৰ বাবে অভ্যৰ্থনা সমিতি, জিলা আৰু আঞ্চলিক সমিতিয়ে অনুৰোধ জনাইছে৷

Related Articles

Leave a Reply

Close