অসম

এহাজাৰ পৰ্যন্ত ১০ টকীয়া মুদ্ৰা ল’ব লাগিব নাজিৰাত

শিমলুগুৰিৰপৰা নেকিবুল হক, প্ৰথম খবৰ: ১০ টকাৰ ধাতু মুদ্ৰাৰে এবাৰত ১০০০ টকা পৰ্য্যন্ত বেংকত জমা থব পাৰিব। নাজিৰা মহকুমাৰ অন্তৰ্গত কিছুসংখ্যক বেংক আৰু ব্যৱসায়িক প্ৰতিষ্ঠানে ১০ টকাৰ ধাতুৰ মুদ্ৰা দৈনন্দিন লেনদেন কাৰ্যত গ্ৰহণ নকৰাৰ অভিযোগ মহকুমা প্ৰশাসনক অৱগত কৰা হৈছে।

নাজিৰা তথ্য আৰু জনসংযোগ বিষয়াই স্পষ্ট কৰিছে যে, ১০ টকাৰ ধাতু মুদ্ৰা বৰ্তমান প্ৰচলিত আইনসংগত মুদ্ৰা। ধাতুৰ মুদ্ৰা আইন, ২০১১ ৰ ধাৰা ৬ (১) অনুসৰি দৈনন্দিন লেনদেন আৰু বেছা কিনা কাৰ্যত এই মুদ্ৰা আইনসংগত মুদ্ৰা। এনেক্ষেত্ৰত গ্ৰাহকৰ সুবিধাৰ স্বাৰ্থত সকলোৱে এই আইনসংগত মুদ্ৰা গ্ৰহণ কৰিব লাগিব।

অন্যথা আইন অনুসৰি থকা বিহিত ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব। উল্লেখযোগ্য যে, ৩ জুলাই, ২০১৭ তাৰিখে ভাৰতীয় ৰিৰ্জাভ বেংকে ডিচিএম (এন ই) নং.জি- ১/০৮.০৭.১৮/২০১৭-১৮ এক জাননীযোগে বেংকসমূহে ধাতু মুদ্ৰা গ্ৰহণ কৰাৰ ক্ষেত্ৰত বিশেষ নীতি নিৰ্ধাৰণ কৰি দিছে। এই নীতি অনুসৰি ১ টকা বা তাৰ ওপৰৰ ধাতু মুদ্ৰাৰে এবাৰত ১০০০ টকা পৰ্যন্ত বেংকত জমা থব পাৰিব। কোনো বেংকৰ শাখাই যদি এই নীতি অমান্য কৰে তেন্তে গ্ৰাহকে বিষয়তো বেংকৰ উৰ্দ্ধতম কৰ্তৃপক্ষক অৱগত কৰিলে কৰ্তৃপক্ষই নিয়ম অনুসৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব।

Related Articles

Leave a Reply

Close