অসম

ঐতিহাসিক দুধনৈ সাৰ্ব্বজনীন ৰাস মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ ব্যাপক প্ৰস্তুতি

দুধনৈৰ পৰা ভবেশ চন্দ্ৰ ভাগৱতী, প্ৰথম খবৰ: অইন অইন বছৰৰ দৰে এইবাৰো দুধনৈ সাৰ্বজনীন ৰাস মহোৎসবৰ সোনালী জয়ন্তী বৰ্ষ উদযাপনৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। এই উপলক্ষে দুধনৈ ৰাজহুৱা খেলপথাৰত আজি আয়োজিত এক আড়ম্বৰ পূৰ্ণ অনুষ্ঠানতৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন কৰে ৰাভাহাছং পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰভাই।

এক উছৱমুখৰ পৰিৱেশৰ মাজত ব্ৰাহ্মণৰ মন্ত্ৰ ধ্বনি, শংখ -ঘণ্টা-উৰুলিৰ শব্দৰে এক আধ্যাত্মিক পৰিৱেশত নাৰিকল ভাঙি অহা ৩ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ ১৫ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া ৰাস মহোৎসৰ লাইখুঁটা স্থাপন কৰা হয়।

ইতিমধ্যে ধবান ৰাভাক সভাপতি শ্যামজিত ৰাভাক সম্পাদক আৰু হৰেকৃষ্ণ কলিতাক কাৰ্যকৰী সভাপতি হিচাবে লৈ এখনি শক্তিশালী উদযাপন সমিতি গঠন কৰাহৈছে। বিভিন্ন ঘাটপ্ৰতিঘাতৰ মাজেৰে ঊনপঞ্চাশ তম বৰ্ষ অতিক্ৰম কৰি এইবেলি সোণালী জয়ন্তীত উদযাপন সমিতিয়ে জানিবলৈ দিয়ামতে মহোৎসৱৰ লগত সংগতি ৰাখি অৰুণ ৰায়ৰ সম্পাদনাত এখনি আটকধুনীয়া তথ্যসমৃদ্ধ স্মৃতিগ্ৰন্থ প্ৰকাশ কৰি উলিওৱাৰ লগতে সাংস্কৃতিক সন্ধিয়া, সাংস্কৃতিক শোভাযাত্ৰা, নামপ্ৰসঙ্গ, ভাগৱত-বেদ পাঠ, যাত্ৰাদলৰ নাট্যভিনয়, মীনাবজাৰআৰু চিত্ৰাঙ্কংন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

মৃণ্ময় প্ৰতিমা ৰঙবিৰঙৰ আলোকসজ্জাৰে সজ্জিত সোনালী জয়ন্তী বৰ্ষ ৰাস মহোৎসৱক লৈ দুধনৈত এক উছৱমুখৰ পৰিৱেশ আজিৰে পৰাই আৰম্ভ হোৱা পৰিলক্ষিত হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close