অসম

ওৰাঙত আদিবাসী জাতীয় পৰিষদৰ উদ্যোগত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৰূপায়ন

ওৰাঙৰপৰা গোপাল নাথ, প্ৰথম খবৰ: আদিবাসী সকলক জনজাতি কৰণ,ভূমিপট্টা প্ৰদান আদিকে ধৰি কেইবাটাও দাবী উথ্বাপন কৰি আদিবাসী জাতীয় পৰিষদৰ উদ্যোগত আজি ওৰাঙত ৰাতিপুৱা ৫ বজাৰ পৰা দিনৰ ১২ বজালৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অসম চৰকাৰ হায় হায়, বি.জে.পি.চৰকাৰ হায় হায়, ন এচটি ন ৰেষ্ট আদি ধ্বনিৰে প্ৰতিবাদ কাৰীয়ে পৰিৱেশ উত্তাল কৰি তুলে।

সংগঠনটোৱে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, আদিবাসী যুদ্ধ বিৰতিত থকা বিদ্ৰোহী সংগঠনৰ সমস্যাৰ সমাধানৰ দাবীত পথ অৱৰোধ কৰি প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে । পথ অৱৰোধ কাৰ্যসূচীত উপস্থিত থাকি মাজবাট ৰাজহ চক্ৰ বিষয়া ধৃতিমান দাসে স্মাৰক গ্ৰহণ কৰে। এই কাৰ্যসূচীত বীৰচা কামাণ্ডো বাহিনীৰ উপ সভাপতি বিশাল ধানোৱাৰ, আদিবাসী মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি লালা স্মিথ ,আছাৰ জিলা সভাপতি টংকু ওৰাং প্ৰমোখ্যে কেইবাগৰাকীও নেতা উপস্থিত থাকে।

Related Articles

Leave a Reply

Close