অসম

ওৰাঙত গাড়ীৰ খুন্দাত শিশুৰ মৃত্যু

ওৰাঙৰপৰা গোপাল নাথ, প্ৰথম খবৰ: ওৰাং থানাৰ অন্তৰ্গত পাউৰীপোটা পথৰ ধুপগুৰিত আজি আবেলি প্ৰায় চাৰি মান বজাত এক পথ দুৰ্ঘটনাত এটি ৮ বছৰীয়া শিশু থিতাতে নিহত হয়। ঘটনাৰ বিষয়ে জানিব পৰা মতে ধুপগুৰি গাঁৱৰ বাসীন্দা গেৰেমচা দৈমাৰীৰ পুত্ৰ তথা ধুপগুৰি প্ৰাথমিক বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰ ৰিংচা দৈমাৰীয়ে (৮)পিতৃ-মাতৃৰ সৈতে ওৰাঙৰ পৰা অটোৰে নিজ ঘৰ অভিমুখে গৈ অটোৰ পৰা নামি ৰাস্তা অতিক্ৰম কৰিবলৈ লওতে উক্ত পথেৰেই ৰঙিয়াৰ পৰা ঢেকীয়াজুলী অভিমুখে তীব্ৰ বেগেৰে গৈ থকা AS 12R 3070 নং চুইফ ডিজাইয়াৰ গাড়ীখনে শিশুটিক খুন্দা মৰাত শিশুটিৰ থিতাতে মৃত্যু ঘটে।

পৰিয়ালৰ লোকে শিশুটিক লগে লগে ওৰাং প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ইফালে দুৰ্ঘটনা সংগঠিত কৰি গাড়ীখন পলাই যাব চেষ্টা কৰাত উত্তেজিত ৰাইজে ওৰাং চাৰিআলিত গাড়ীখন পিছৰ আইনা আদিৰ ক্ষতিসাধন কৰি আৱদ্ধ কৰিব বিচাৰে যদিও চালকে কৌশলেৰে ৰাইজৰ বেহুৰ পৰা ওলাই গৈ ওৰাং থানাত আত্মসমৰ্পন কৰে।  ,/ওৰাং ২৪/১০/২০১৭

Related Articles

Leave a Reply

Close