শেহতীয়া
Home / অসম / কংগ্ৰেছত ‘ঘৰ বাপচী’ ৰ আহ্বান আৰ পি শৰ্মাক

কংগ্ৰেছত ‘ঘৰ বাপচী’ ৰ আহ্বান আৰ পি শৰ্মাক

নিউজ ডেস্ক,প্ৰথম খবৰ: আজি ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এক সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিৰ ‘ঘৰ বাপচী’ আৰ্হিৰে সাংসদ,বিজেপি নেতা অাৰ পি শৰ্মাক কংগ্ৰেছ দললৈ আহ্বান জনায়|
তেওঁ উল্লেখ কৰে যে–বিজেপি নেতা আৰ পি শৰ্মা বিজেপিৰ কোন মন্ত্রীৰ কিমান কমিচন,কোন মন্ত্রীয়ে নিজা মানুহৰ নামত ফাৰ্ম,এজেঞ্চী খুলি ব্যৱসায়,ঠিকা কৰিছে এইবোৰ প্ৰকাশ হোৱাৰ পিছত বিজেপিত ব্যাপক ধুমুহাৰ সৃষ্টি হয় | আৰ পি শৰ্মাক এতিয়া বিজেপিৰ একাংশই ১৯৯১ চনত কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰা বুলি প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে আৰু কংগ্ৰেছৰ হোৱা বাবেই তেওঁ এইবোৰ কৰিছে বুলি ব্যক্ত কৰিছে|
প্ৰদ্যুৎ বৰদলৈয়ে কৌতুক সুলভ ভাবে বিজেপিৰ ‘ঘৰ বাপচী’ আঁচনিৰ কথা উল্লেখ কৰি সেই আৰ্হিৰে আৰ পি শৰ্মাক কংগ্ৰেছ দললৈ নিমন্ত্রন জনায়|

Leave a Reply

Your email address will not be published. Required fields are marked *

*