অসম

কংগ্ৰেছ নেতা ৱাজেদ আলিক উভতি ধৰিছে বৃহত্তৰ অসম বঙালী উন্নয়ন সমিতিয়ে

নগাঁৱৰ পৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: কংগ্ৰেছ নেতা ৱাজেদ আলি চৌধুৰীয়ে যোৱা ১৫ অক্টোবৰত ধুবুৰী জিলাৰ মানকাছাৰত এখন ৰাজহুৱা সভাত সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰাটো অতি দুৰ্ভাগ্যজনক আৰু  গৰিহণাযোগ্য বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৃহত্তৰ অসম বঙালী উন্নয়ন সমিতিয়ে। আজি এক প্ৰেছ বিবৃতিযোগে সংগঠনটোৰ কেন্দ্ৰীয় উপ-সভাপতি সুভাষ দেৱনাথ আৰু জিলা সাধাৰণ সম্পাদক ভাস্কৰ দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে – আমি অসমবাসী বঙালী লোক সকলে যুগ যুগ ধৰি অসমতে বসবাস কৰি ইয়াৰ ভাষা সাহিত্য সংস্কৃতি ৰক্ষা কৰি আহিছো। অসমৰ মাটি পানী বায়ু অসমবাসী বঙালী সকলৰ তেজত একত্ৰিত হৈ আছে আৰু অসমৰ চহকী সাহিত্য সংস্কৃতি আমাৰ এক স্বাভিমান ৰুপে আমি গণ্য কৰো। তেনে ক্ষেত্ৰত ৱাজেদ আলি চৌধুৰীয়ে জনগনৰ মাজত ভাগ ভাগ কৰাৰ যি অপচেষ্টা চলাইছে সেই প্ৰচেষ্টাত তেওঁ কোনো কাৰনতে সফল নহব। তেনে সাম্প্ৰতিক মন্তব্যৰে অসমৰ থলুৱা লোকসকলৰ লগত সংঘাত লগোৱাৰ প্ৰচেষ্টাক বৃহত্তৰ অসম বঙালী উন্নয়ন সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অনাগত দিনত ৱাজেদ আলি চৌধুৰীয়ে এনে মন্তব্য প্ৰদান কৰাৰ পৰা বিৰত থাকিবলৈ সমিতিৰ নেতৃত্ব‌ই সকিয়াই দিছে।

 

Related Articles

Leave a Reply

Close